Socialউৎসৱ

স্পেইনৰ বিলাহী উৎসৱৰ দৰেই ভাৰততো পালন কৰা হয় গোবৰ দলিওৱা উৎসৱ

এইবাৰ আতচবাজিৰে নহয়, গোবৰেৰে দীপাৱলী উদযাপন কৰিলে

পাৰ হ’ল দীপাৱলী। দেশবাসীয়ে উলহ-মালহেৰে পালন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী। ফটকা, আতচবাজিৰে এইবাৰ দীপাৱলী উদযাপন কৰাৰ বিপৰীতে বহুতেই চাকি-বন্তি জ্বলাই পালন কৰিলে সেউজ দীপাৱলী। দীপাৱলীৰ আনন্দ অন্ত পৰাৰ পিছত ভাৰতৰে এখন গাঁৱত গাঁওবাসীয়ে গোবৰ ছটিয়াই পালন কৰিলে দীপাৱলীৰ অন্তিম পৰ্ব।

স্পেইনৰ বিলাহী উৎসৱ ‘লা টমানিটা’ৰ দৰেই গোমাতাপুৰাত গাঁওবাসীয়ে গৰুৰ গোবৰ দলিয়াই পালন কৰিলে গোৰহাব্বা(Gorehabba) উৎসৱ।

কৰ্ণাটক আৰু তামিলনাডুত পালন কৰা হয় এই গোৰহাব্বা উৎসৱ। পৰম্পৰা অনুসৰি, গাঁৱৰ গৰু পোহা লোকসকলৰ ঘৰৰ পৰা সংগ্ৰহ কৰা গোবৰ ছটিয়াই গোমাতাপুৰাত গাঁওবাসীয়ে পালন কৰে এই বিশেষ উৎসৱ।

পূৰ্বৰে পৰা প্ৰচলিত এই প্ৰথা অনুসৰি ট্ৰেক্টৰেৰে স্থানীয় মন্দিৰলৈ লৈ অহা হয় গোবৰৰ দ’ম। পুৰোহিতে মন্ত্ৰোচ্চাৰণ কৰাৰ অন্তত মুকলি ঠাইত থোৱা হয় সংগ্ৰহ কৰি অনা গোবৰখিনি।

 

পৰৱৰ্তী সময়ত ল’ৰা, পুৰুষ সকলো লগ হৈ যুদ্ধৰ বাবে সাজু কৰে গোবৰৰ বাৰুদ। গোমাতাপোৰালৈ প্ৰত্যেক বছৰে এই উৎসৱত অংশ ল’বলৈ আহে বহুসংখ্যক লোক। এই গোবৰ দলিওৱা উৎসৱ শৰীৰৰ কাৰণেও যথেষ্ট উপকাৰী বুলি ধৰা হয়।
গাঁওবাসীৰ বিশ্বাস, গোবৰে শৰীৰত দেখা দিয়া সকলো ৰোগ উপশম কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.