AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী BS য়েদুৰাপ্পাৰ বিৰুদ্ধে উত্থাপিত হৈছে নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী BS য়েদুৰাপ্পাৰ বিৰুদ্ধে উত্থাপিত হৈছে নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।

এগৰাকী ১৭ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ইতিমধ্যে POCSO আইনৰ অধীনত ৰুজু হৈছে গোচৰ।

বাংগালুৰুৰ সদাশিৱ নগৰ আৰক্ষী থানাত ৰুজু হৈছে এই গোচৰ।

উল্লেখ্য যে মাতৃৰ সৈতে য়েদুৰাপ্পাৰ ওচৰলৈ যোৱা নাবালিকাগৰাকীৰ ওপৰত যৌন আতিশায্য চলোৱাৰ অভিযোগ।

এই ঘটনা ২ ফেব্ৰুৱাৰীত ঘটা বুলি প্ৰকাশ পাইছে।

অৱশ্যে এই ঘটনাক অস্বীকাৰ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে পোহৰলৈ অহা এই ঘটনাই অস্বস্তিত পেলাইছে বিজেপিক।

কাৰণ য়েদুৰাপ্পা লিংগায়েট জনগোষ্ঠীৰ এজন প্ৰভাৱশালী নেতা।

য়েদুৰাপ্পাৰ পুত্ৰ বিজয়েন্দ কৰ্ণাটক বিজেপিৰ সভাপতি।

প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহে আগন্তুক লোকসভাৰ নিৰ্বাচনী বৈতৰণী য়েদুৰাপ্পাৰ ওপৰত ভৰসা কৰিয়েই পাৰ কৰাৰ আশা কৰিছিল।

তেনে পটভূমিত য়েদুৰাপ্পাৰ যৌন নিৰ্যাতনৰ ঘটনাই স্বাভাৱিকতে বিজেপিৰ মূৰৰ কামোৰণি হৈ পৰিছে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.