অপৰাধ

নিৰ্লজ্জ কাণ্ড! ড্ৰাগছ সেৱন কৰি অহা পুত্ৰই প্ৰাণে মৰাৰ ভাবুকিৰে নিজৰেই জন্মদাত্ৰী মাতৃক কৰিলে ধৰ্ষণ

ঘটনা সম্পৰ্কে খবৰ পোৱাৰ লগে লগেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুলাঙ্গাৰ পুত্ৰক। আনকি আৰক্ষীয়েও ধিক্কাৰ দিছে এনে নিকৃষ্ট কাণ্ডক

সমাজক লজ্জানত কৰা এক ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য। মাতৃ-পুত্ৰৰ পবিত্ৰ সম্বন্ধত কালিমা সানি পুত্ৰই সংঘটিত কৰিলে জঘন্য কাণ্ড। পোহৰৰ উৎসৱ দীপাৱলীৰ নিশাই সংঘটিত এই ঘটনা।

এই নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত। দীপাৱলীৰ নিশা এফালে আনন্দ-উল্লাসত এচাম ব্যস্ত হৈ থকাৰ সময়তে গাজিয়াবাদত ড্ৰাগছ আৰু সুৰামত্ত পাষাণ পুত্ৰই মাতৃক মৃত্যুৰ ভাবুকি দি  কৰিলে ধৰ্ষণ। নিচাসক্ত লম্পট যুৱকজনে নিশা ঘৰলৈ উভতি আহি মাকক ব্লেডেৰে আঘাত কৰে। মাকক মৃত্য়ুৰ ভাবুকি দি অৱশেষত ধৰ্ষণ কৰে পুত্ৰই।

অসহায় মাতৃয়ে পুত্ৰৰ ঘৃণনীয় কাৰ্যক বাধা প্ৰদান কৰে যদিও পাষাণ পুত্ৰই উপৰ্যুপৰি ধৰ্ষণ কৰে মাতৃক । বৃহস্পতিবাৰেই এই ঘটনা সংঘটিত হয় যদিও ভুক্তভোগী মাতৃয়ে ন্যায় বিচাৰি শনিবাৰে কাষ চাপে আৰক্ষীৰ। ঘটনা সম্পৰ্কে খবৰ পোৱাৰ লগে লগেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুলাঙ্গাৰ পুত্ৰক। আনকি আৰক্ষীয়েও ধিক্কাৰ দিছে এনে নিকৃষ্ট কাণ্ডক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.