AssamCMO AssamHimanta Biswa Sarmaleatest updateRegional

ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল; কোনে কোনে পালে শীৰ্ষ ৩টা স্থান?

পৰীক্ষাৰ ফলাফলত শীৰ্ষৰ ৩ স্থান দখল কৰিলে ৫ শিক্ষাৰ্থীয়ে।

ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পৰীক্ষাৰ ফলাফলত শীৰ্ষৰ ৩ স্থান দখল কৰিলে ৫ শিক্ষাৰ্থীয়ে।

প্ৰথম স্থান পাবলৈ সক্ষম হ’ল যোৰহাটৰ অনুৰাগ দলৈয়ে। প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ অনুৰাগ। সৰ্বমুঠ ৫৯৩ নম্বৰেৰে প্ৰথম স্থানত অনুৰাগ দলৈ।

দ্বিতীয় স্থান দখল কৰিলে বিশ্বনাথৰ ঝৰ্ণা শইকীয়াই। সৰ্বমুঠ ৫৯০ নম্বৰেৰে দ্বিতীয় স্থানত শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী ঝৰ্ণা শইকীয়া।

 

তৃতীয় স্থানত মাজুলীৰ মানস প্ৰতীম শইকীয়া। মাজুলী আইলেণ্ড একাডেমীৰ ছাত্ৰ মানস প্ৰতীম। সৰ্বমুঠ ৫৮৮ নম্বৰেৰে তৃতীয় স্থানত মানস।

সৰ্বমুঠ ৫৮৮ নম্বৰেৰে তৃতীয় স্থান পাবলৈ সক্ষম হ’ল বৰপেটাৰ বেদান্ত চৌধুৰীও। সৰুপেটা ষ্টেল্লামেৰী স্কুলৰ ছাত্ৰ বেদান্ত।

ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী দেৱাশ্ৰী কাশ্যপেও সৰ্বমুঠ ৫৮৮ নম্বৰেৰে লাভ কৰিলে তৃতীয় স্থান।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.