অসমভ্ৰমণ

শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা যোৰহাট বাল্য ভৱন পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বাল্য ভৱনত পঢ়াৰ সময়ৰ বহুতো পুৰণি কথা কয় মূখ্যমন্ত্ৰীগৰাকীয়ে

যোৰহাটত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে যোৰহাটত উপস্থিত হয় মুখ্যমন্ত্ৰগৰাকী।

প্ৰথমে যোৰহাট বাল্য ভৱন পৰিদৰ্শন কৰে মূখ্যমন্ত্ৰীগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাই ১৯৭২ চনত শিক্ষাৰ আদিপাঠ এটা বছৰ অধ্যয়ন কৰিছিল যোৰহাট বাল্য ভৱনত।

উপস্থিত মূখ্যমন্ত্ৰীগৰাকীক গায়ন বায়নেৰে আদৰণি জনোৱা হয় বাল্য ভৱনত।

বাল্য ভৱনত পঢ়াৰ সময়ৰ বহুতো পুৰণি কথা কয় মূখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতেই যোৰহাট জিলাৰ বালক বহুমুখী বিদ্যালয়, কৃষি বিশ্ববিদ্যালয়, মহিলা বিশ্ববিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়, যোৰহাট বৰ্ষা অৰণ্য আদি পৰিদৰ্শন কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.