Socialঅপৰাধআন্তঃৰাষ্ট্ৰীয়

তালিবানীৰ খালী হাত, আফগানিস্তান বেংকে গোপনে ৰাখিছে সম্পত্তি

'দ্যা আফগানিস্তান বেংকে' লুকুৱালে দেশৰ সম্পত্তি। অধিকাংশ ধন দেশৰ বাহিৰত ৰাখিছে বেংকটোৱে।

খালী হাত তালিবানৰ। ৭৪.২৬ হাজাৰ কোটি টকাৰ চৰকাৰী সম্পত্তি লাভৰ পৰা বঞ্চিত তালিবানী।

আফগানিস্তান বেংকে গোপনে ৰাখিছে সম্পত্তি। ‘দ্যা আফগানিস্তান বেংকে’ লুকুৱালে দেশৰ সম্পত্তি। অধিকাংশ ধন দেশৰ বাহিৰত ৰাখিছে বেংকটোৱে। আমেৰিকাৰ হাতত থকা ৰিৰ্জাভ বেংক অৱ আফগানৰ ধনো নিদিয়াৰ ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ।

দ্যা আফগানিস্তান বেংকে গোপন কৰিলে বিদেশী মুদ্ৰা, সোণ আৰু অন্য সম্পত্তি। বেংকটোত ১০.১৭ আৰৱ আফগান ধনৰ পৰিমাণৰ সোণ আছিল।

দেওবাৰে বেংকটোৰ গৱৰ্ণৰ আজমল আহমদীয়ে পদত্যাগ কৰে। আহমদীৰ পদত্যাগৰ লগে লগেই সকলো সম্পত্তি লাভৰ পৰা বঞ্চিত হয় তালিবানী। সকলো ধন ছুইজাৰলেণ্ড, তুৰ্কীৰ বেংকলৈ বিনিয়োগ কৰা হ’ল। INTERNATIONAL BANK FOR RECONSTRUCTION AND DEVELOPMENT (IBRD) অৰ্থাৎ FRBNY ৰ মাধ্যমেৰে বিনিয়োগ কৰা হ’ল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.