অসমৰাজনৈতিকশিল্পীসংগীতসংস্কৃতিসাহিত্য

-সিংহাসনত নবহা ৰজা-

জুবলি বৰুৱাই শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট

ৰাজ্যজুৰি এতিয়া এটাই দাবী – জুবিন গাৰ্গৰ ন্যায় লাগে। শিল্পী, সাধাৰণ জনতা সকলোৱে একেমুখে তুলিছে দাবী। জুবিন গাৰ্গৰ এসময়ৰ সহকণ্ঠশিল্পী জুবলি বৰুৱাই শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট। সেই পোষ্টত তেওঁ গাঁঠি দিছে মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই লিখা এটা কবিতাও। জুবলি বৰুৱাই লিখিছে-

“সত্য আৰু ন্যায়ৰ অপেক্ষাত” মোৰ মনৰ কথাবোৰ যেন ডঃ পার্থসাৰথী মহন্ত ডাঙৰীয়াৰ কবিতাৰ জৰিয়তে প্রকাশ পালে।

-সিংহাসনত নবহা ৰজা-

” এখন দেশত এজন ৰজা আছিল

কিন্তু তেওঁ সেই দেশখনৰ ৰজা নাছিল

তেওঁ সিংহাসনত নবহিছিল

হাতত তৰোৱাল নাছিল

নাছিল মুকুটো

তেওঁ মানুহৰ মাজতেই আছিল আৰু আৱেগবোৰ গান কৰি গাইছিল

তেওঁ আছিল সুৰৰ ৰজা

সেই দেশখনত ৰজা হ’ব খোজাৰো অভাৱ নাছিল

উভৈনদী আছিল

ৰাজ্য পাতিবলৈ মাটি বিছাৰি এওঁলোক পাগল হৈছিল

সুযোগ পালে ৰাজ্য কঢ়াৰ চেষ্টাতো আছিল
আন কিছুমানে দুর্দান্ত অভিনয় কৰিছিল সুৰ হৃদয়ৰ পৰা ওলোৱা ৰাইজৰ অন্তৰত ঠাই বিছাৰি

জনতাই কিন্তু বিছাৰিছিল

এদিন

সকলো এৰি গুচি গ’ল গ’ল মানে গ’লেই

নাইকিয়া হৈ গ’ল

কেউফালে হাহাকাৰ লাগি গ’ল

আকাশ ফাটি গ’ল

চকুপানীৰ ভৰ মাটিয়ে ল’ব নোৱাৰা হ’ল

মানুহবোৰ পাগল হৈ গ’ল

প্রত্যাশী ৰজাবোৰ সক্ৰিয় হ’ল

অভিনয় বিশেষজ্ঞ গধূলিৰ কথাশিল্পী সকলো সক্রিয় হ’ল

লগতে ভীষণ সক্রিয় হ’ল

যি তেওঁ হ’ব বিছাৰিছিল

কিন্ত হ’ব নোৱাৰি প্রতিশোধ লোৱাৰ হিংসাত ডেই পুৰি মৰিছিল

এয়াই সময় ৰাজ্য দখলৰ চেষ্টা কৰাৰ

হেডলাইন হৈ প্রাসংগিকতা লভাৰ

গ্রহণযোগ্যতা পুনৰুদ্ধাৰ কৰাৰ

তেওঁ হ’ব নোৱাৰাৰ এই ৰজা হ’ব খোজাখিনিয়ে প্ৰজাৰ কান্দোন নুবুজে

নুবুজে যে সিহঁতে সুৰ বিছাৰি কান্দিছে

সুৰ ধৰি ৰাখিব বিছাৰিছে

সিংহাসন সিহঁতে নাজানে

কাৰণ সুৰৰ ৰজা মঞ্চলৈ অহাৰ আগতে সিহঁতৰ হৃদয়লৈ আহিছিল আৱেগৰ সুৰেৰে

যি সুৰ কেতিয়াও নমৰে

পুৱাৰ কুঁহিপাত সন্ধিয়াৰ বতাহত বৰষুণৰ শব্দত সেই সুৰ বাজে

তেওঁ আছিল হৃদয়ৰ ৰজা

সুৰৰ ৰজা

আৱেগ বুজা ৰজা

তেওঁ সিংহাসনত বহা নাছিল।”

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.