অসমবতৰ

ঘূৰ্ণিবতাহ ‘য়াছে’ অসমতো চলাব পাৰে তাণ্ডৱ

দাক্ষিণাত্যত ব্যাপক ক্ষতিসাধন কৰাৰ পিছত এইবাৰ ঘূৰ্ণিবতাহ ‘য়াছে’ অসমতো চলাব পাৰে তাণ্ডৱ৷ মঙল আৰু বুধবাৰে ওড়িশাত খুন্দা মাৰিব ঘূৰ্ণিবতাহে৷ যাৰবাবে অসমতো মৃদু প্ৰভাৱ পৰাৰ আশংকা কৰি সতৰ্কতাবাণী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ ঘূৰ্ণিবতাহে চুবুৰীয়া পশ্চিমবংগ আৰু  ওড়িশাত ব্যাপক ক্ষতি কৰাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে বংগোপসাগৰত সৃষ্টি হৈছে নিম্নচাপৰ৷

উল্লেখ্য যে, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ আশে পাশে সাগৰীয় ধুমুহাই পশ্চিম ভাৰতৰ দুই ৰাজ্যৰ দিশে ঘন্টাত ১৬০-১৭০ গতিত বলিব পাৰে৷ শেহতীয়াকৈ ওৰিড়াত মুষলধাৰ বৰষুণ হৈছে৷ একেদৰে অসমসহ উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা গাজনিৰে প্ৰৱল বৰষুণৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ কেন্দ্ৰই ওড়িশাৰ বংগোপসাগৰৰ উপকূলবাসীক সৰ্তক থাকিবলৈ পৰামৰ্শ দিয়াৰ লগতে সাগৰত মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰিছে৷ সাগৰীয় ধুমুহাৰ আশংকা কৰি গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰ্চুৱেল বৈঠকৰ মাধ্যমেৰে ওড়িশা পশ্চিমবংগ, অন্ধ প্ৰদেশ, আন্দামান নিকোবৰ মুখ্যমন্ত্ৰীৰে মিলিত হৈ মতবিনিময় কৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 4 =

Back to top button