জম্মু-কাশ্মীৰদুৰ্ঘটনা

জম্মু-কাশ্মীৰত অঘটন: বৰফাবৃত ৰাস্তাৰ পৰা পিচলি পৰিল পৰ্যটক কঢ়িয়াই নিয়া বাহন

উল্লেখ্য যে, বাহনখনে কঢ়িয়াই নিয়া যাত্ৰীৰ ভিতৰত আছিল পশ্চিম বংগৰ পৰা যোৱা তিনি পৰ্যটক ক্ৰমে চানিয়া হাইদৰ, চৈয়দ ৱাছি হাইদৰ আৰু নিধাত ফাতিমা। তেওঁলোকৰ সৈতে আছিল স্থানীয় গাড়ীচালক চৌকাট আহমেদ নামৰ লোকজন।

বৰফৰ শুকুলা আচ্ছাদনে আৱৰিছে জম্মু-কাশ্মীৰ। বৰফাবৃত জম্মু-কাশ্মীৰৰ বিভিন্ন ঠাইসমূহ দৰ্শন কৰাৰ বাবে উপস্থিত হৈছে বহু দেশী-বিদেশী পৰ্যটক। জম্মু-কাশ্মীৰলৈ গৈ পৰ্যটকসকলে প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰাৰ সময়তে শুকুৰবাৰে সংঘটিত হয় এক অঘটন।

শুকুৰবাৰে বিয়লি উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাত ৰাস্তাৰ পৰা দাঁতিত বাগৰি পৰে এখন বাহন। JK05D 2892 নম্বৰৰ বাহনখনে গুলমাৰ্গলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই ঘটনা। পাহাৰীয়া ৰাস্তাইদি যাওঁতেই ৰাস্তাত পৰি থকা বৰফত পিচলি ৰাস্তাৰ দাঁতিত পৰেগৈ পৰ্যটক কঢ়িয়াই নিয়া বাহনখন।জম্মু-কাশ্মীৰত অঘটন: বৰফাবৃত ৰাস্তাৰ পৰা পিচলি পৰিল পৰ্যটক কঢ়িয়াই নিয়া বাহনউল্লেখ্য যে, বাহনখনে কঢ়িয়াই নিয়া যাত্ৰীৰ ভিতৰত আছিল পশ্চিম বংগৰ পৰা যোৱা তিনি পৰ্যটক ক্ৰমে চানিয়া হাইদৰ, চৈয়দ ৱাছি হাইদৰ আৰু নিধাত ফাতিমা। তেওঁলোকৰ সৈতে আছিল স্থানীয় গাড়ীচালক চৌকাট আহমেদ নামৰ লোকজন।

আহত পৰ্যটকসকলক চিকিৎসাৰ বাবে ততাতৈয়াকৈ স্থানীয় হাস্পতাললৈ লৈ যোৱা হয় যদিও চানিয়া হাইদৰৰ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় শ্ৰীনগৰৰ হাস্পতাললৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + ten =

Back to top button