অপৰাধ

৫ লাখ টকাত বিক্ৰী কৰিলে গৰ্ভৱতী পত্নীক। পোহৰলৈ আহিছে পাষাণ স্বামীৰ কুকীৰ্তিৰ সমগ্ৰ কাহিনী

দুবছৰ পিছত ঘৰ ওলালহি পত্নী, তাৰ পিছতে পোহৰলৈ আহিল স্বামীৰ কুকাণ্ড

পোহৰলৈ আহিছে হাজোৰ হাবলাখাৰত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা। ৫ লাখ টকাৰ বিনিময়ত এজন লোকে বিক্ৰী কৰিলে তিনিমাহৰ অন্তঃসত্ত্বা পত্নীক। দুবছৰ পিছত ঘৰ ওলালহি পত্নী। আৰু তাৰ পিছতে পোহৰলৈ আহিছে পাষাণ স্বামীৰ কুকীৰ্তিৰ সমগ্ৰ কাহিনী। ঘটনা অনুসৰি, হাবলাখাৰৰ নুৰ ইছলাম নামৰ লোকজনে দুবছৰ পূৰ্বে নিজৰ তিনিমাহৰ অন্তঃসত্ত্বা পত্নীক পাঁচ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল উত্তৰ প্ৰদেশত। দুবছৰ পূৰ্বে পত্নী ৰেহেনা বেগমক গুৱাহাটীৰ পৰা নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰি উত্তৰ প্ৰদেশলৈ লৈ গৈছিল। এই ঘটনা সংঘটিত কৰি নুৰ ইছলামে পত্নীয়ে আনৰ লগত পলাই যোৱা বুলি মিছা গোচৰ দাখিল কৰিছিল হাজো আৰক্ষী থানাত। দুবছৰ পিছত বহিঃৰাজ্যৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱা পত্নী ৰেহেনা বেগম স্বামী গৃহত উপস্থিত হোৱাৰ পিছতে পোহৰলৈ আহিল স্বামীৰ কুকাণ্ডৰ সমগ্ৰ কাহিনী। ইতিমধ্যে, স্বামী নুৰ ইছলামৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে পত্নী ৰেহেনাই।

 

 

দুই সন্তানক ঘৰত থৈ প্ৰথমে গুৱাহাটীত চাকৰি দিয়াৰ ছলেৰে নুৰ ইছলামে লৈ গৈছিল পত্নীক। তাৰ পাছতে অচেতন অৱস্থাত উত্তৰ প্ৰদেশলৈ লৈ গৈ এটা পৰিয়ালৰ ওচৰত পাঁচ লাখ টকাত বিক্ৰী কৰিছিল। কিন্তু দুবছৰ পিছত উত্তৰ প্ৰদেশৰ পৰা পলাই আহি মঙলবাৰে নিশা হাজো আৰক্ষী থানাত ঘটনা সন্দৰ্ভত স্বামী নুৰ ইছলাম আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে পত্নী ৰেহেনাই দাখিল কৰে এজাহাৰ। উল্লেখযোগ্য যে, পোন্ধৰ বছৰ পূৰ্বে হাজো আৰক্ষী থানাৰ অন্তৰ্গত নতুন চৰাবড়ীৰ ৰেহেনা বেগমৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল হাবলাখা নদীৰ পাৰৰ নুৰ ইছলামৰ সৈতে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 18 =

Back to top button