Socialঅসমআঞ্চলিকচিকিৎসাস্বাস্থ্য

চিকিৎসালয়ৰ পৰা খেদি পঠালে নাৰ্ছে, ৰাস্তাৰ মাজতেই জন্ম দিলে সন্তান

স্বাস্থ্য কেন্দ্ৰত এগৰাকী নাৰ্ছ আৰু চিকিৎসকৰ  জঘন্য  ঘটনা।  প্ৰসৱ বেদনাত ছটফটাই থকা এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসালয়ত দুৰ ব্যৱহাৰ কৰি খেদি পঠালে নাৰ্ছে।

বৰপেটা জিলাৰ অন্তৰ্গত আলোপতি চৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে  জঘন্য ঘটনা। চিকিৎসালয়ত কৰ্মৰত এগৰাকী GNM নাৰ্ছ বন্দনা ডেকাৰ দুৰ ব্যৱহাৰ l নাৰ্ছ বন্দনা ডেকাৰ দুৰ ব্যৱহাৰৰ বিৰুদ্ধে ৰোগীৰ গুৰুতৰ অভিযোগ।

চিকিৎসালয়ৰ পৰা খেদি পঠিয়ালে প্ৰসৱ বেদনাত ছটফটাই থকা এগৰাকী গৰ্ভৱতী মহিলাক । চিকিৎসালয় খনত ভৰ্তি কৰা হৈছিল চেঙাৰ খোলাবান্ধাৰ ফৰিজুল হকৰ পত্নী চিৰাতন নেছা।  প্রসৱ বেদনাত ছট-ফটাই থকা গৰ্ভৱতী মহিলা গৰাকীয়ে আধা ঘন্টাৰ পিছত প্ৰসৱ কৰিব বুলি কৈছিল নাৰ্ছ বন্দনা ডেকাই। ৰোগীৰ লগত দুৰ ব্যৱহাৰ কৰি বলপূৰ্বক ভাৱে চিকিৎসালয়ৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰিলে ভুক্তভোগীৰ গৰ্ভৱতী মহিলাৰ পৰিয়ালৰ লোকে।

প্ৰসৱ বেদনাত ছটফটাই থকা মহিলা গৰাকীয়ে চিকিৎসালয়ৰ পৰা ওলোৱাৰ ৫/৬ মিনিট পিছতেই ৰাস্তাৰ কাষত এজনৰ ঘৰৰ চোতালত প্ৰসৱ কৰিবলগীয়া হ’ল। চিৰাতন নেছাই ৰাস্তাৰ মাজতেই জন্ম দিলে সন্তান।

স্বাস্থ্য বিভাগৰ এই নগ্ন দৃশ্য দেখা গ’ল বৰপেটা জিলাৰ আলোপতি চৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.