অসমজনজাতিকৰণ

প্ৰতিবাদত কঁপিল উজনি

জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ

জনজাতিকৰণৰ দাবীত ৰাজ্যজুৰি ৬ জনগোষ্ঠীৰ প্ৰতিবাদ অব্যাহত । অব্যাহত আছে উজনি অসমৰ তিনিচুকীয়া জিলাত টাই আহোম, মৰাণ আৰু মটকসকলৰ তীব্ৰ প্ৰতিবাদ। পুনৰ তিনিচুকীয়াৰ ৰাজপথ কঁপিল টাই আহোম জনগোষ্ঠীৰ লোকসকলৰ প্ৰতিবাদত । কেইবাটাও সংগঠনে জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত টাই আহোম জনগোষ্ঠীৰ এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আৰু টাই আহোমৰ ৬ টাকৈ সংগঠনৰ সহযোগত মাৰ্ঘেৰিটাৰ চ্যুকাফাৰ প্ৰতিমূৰ্তিস্থলীৰ পৰা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ১০ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে টাই আহোমসকলক জনজাতিকৰণৰ দাবীৰে বিশাল জোঁৰ সমদলত অংশ লয় । টাই আহোম যুৱ পৰিষদ, আহোম সভা, পয় ফুৰালুং, টাই আহোম মহিলা পৰিষদ, পূৰ্বাঞ্চল টাই সাহিত্য সভা, টাই আহোম ছাত্ৰ সন্থাসহ মাৰ্ঘেৰিটাবাসী ৰাইজৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

জোঁৰ সমদলৰ অন্তত উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে টাই আহোমসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী জনায় । বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই দাবী পূৰণ নকৰিলে অনাগত দিনত বিজেপি নেতৃত্বাধীন চৰকাৰখনে তীব্ৰ বিৰোধিতাৰ সন্মুখীন হ’বলৈ সাজু থাকিব লাগিব বুলিও হুংকাৰ দিয় ।

প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে মাৰ্ঘেৰিটাৰ আকাশ বতাহ কঁপাই তোলা পৰিলক্ষিত হয়।  মাৰ্ঘেৰিটা সমষ্টিৰ লগতে ডিগবৈ, শদিয়া, কাকপথাৰ, লক্ষীপথাৰ আদি অঞ্চলৰ পৰাও লোকসকলে এই জোঁৰ সমদলত অংশগ্ৰহণ কৰে। প্ৰতিবাদত অংশ লৈ এগৰাকী মহিলাই কয়,”এইটো আমাৰ জন্মগত অধিকাৰ । আমাৰ নিজা ভাষা আছে, সংস্কৃতি আছে, আমাৰ নিজৰ পৰিচয় আছে, আমি চ্যুকাফাৰ নাতি-পুতি । সেইকাৰণে আমি ওলাই আহিছো ।”

টাই আহোম সংগঠনৰ এগৰাকী নেতাই কয়,”জনজাতিকৰণ আমাৰ কাম্য, জনজাতি আমাৰ জন্মস্বত্ব অধিকাৰ । গতিকে আমাৰ অধিকাৰ আমাক দিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনাইছো । যদিহে তেওঁ আমাৰ দাবী পূৰণ নকৰে অহা নিৰ্বাচনত তেওঁক বিদায় দিবলৈ আমি আজি সাজু ।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button