অসমদুৰ্ঘটনা

কামাখ্যা গে’টত ভয়ংকৰ দুৰ্ঘটনা, চাৰিচকীয়া বাহনে মহটিয়াই নিলে বুলেট, অল্টো…

উদণ্ড লোকে প্রহাৰ কৰিলে যান-বাহন আৰক্ষীক। অৱশেষত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে লাঠীচালনা কৰিবলৈ উদ্যত হয় আৰক্ষী

ৰাজ্যত সঘনাই সংঘটিত হৈছে পথ দুৰ্ঘটনাৰ ঘটনা। মহানগৰীৰ কামাখ্যা গেটতো ভয়ংকৰ দুৰ্ঘটনা। চাৰিচকীয়া বাহনে মহটিয়াই নিলে বুলেট, অল্টো বাহনক।

 

মঙলবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু এজন লোকৰ। নিহত লোকজন প্রশান্ত চাকসেনা বুলি জানিব পৰা গৈছে। আনহাতে, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইবাজনো লোক। আহত লোককেইজন ক্ৰমে-জ্যোতিৰ্ময় কুমাৰ দাস, মুনমুন তালুকদাৰ, দীপাংকৰ দাস। উন্নত চিকিৎসাৰ বাবে আটাইকে প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ।

 

দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত। উদণ্ড লোকে প্রহাৰ কৰিলে যান-বাহন আৰক্ষীক। অৱশেষত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে লাঠীচালনা কৰিবলৈ উদ্যত হয় আৰক্ষী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.