অব্যাহত আছে অবৈধ ড্ৰাগছৰ কলা বেহা! মহানগৰীত উদ্ধাৰ ১৬ কোটি টকা মূল্যৰ হেৰোইন
গোপন সূত্ৰৰ জৰিয়তে অসম আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত গুৱাহাটী আৰক্ষীৰ এটা বিশেষ দলে দেশৰ উত্তৰ বেল্ট অভিমুখে যোৱা বশিষ্ঠৰ এখন ট্ৰাকৰ পৰা দুই কিলো ৪২ গ্ৰাম হেৰোইন জব্দ কৰে
মহানগৰ আৰক্ষীৰ বিশেষ সাফল্য, ড্ৰাগছৰ বিৰুদ্ধে চলি থকা যুদ্ধত অসম আৰক্ষীয়ে দেওবাৰে দুজন সন্দেহযুক্ত ড্ৰাগ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰু গুৱাহাটীত তেওঁলোকৰ পৰা অতি কমেও ১৬কোটি টকাৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে।
এক গোপন সূত্ৰৰ জৰিয়তে অসম আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত গুৱাহাটী আৰক্ষীৰ এটা বিশেষ দলে দেশৰ উত্তৰ বেল্ট অভিমুখে যোৱা বশিষ্ঠৰ এখন ট্ৰাকৰ পৰা দুই কিলো ৪২ গ্ৰাম হেৰোইন জব্দ কৰে।
টুইটাৰযোগে মুখ্যমন্ত্ৰী শৰ্মাই অসম আৰক্ষীৰ প্ৰচেষ্টাক প্ৰশংসা কৰি লিখিছে, “#AssamAgainstDrugs যুটীয়া আয়ুক্ত শ্ৰী পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত এটা @GuwahatiPol বিশেষ দলে এখন ট্ৰাকৰ পৰা ২ কিলোগ্ৰাম হেৰোইন উদ্ধাৰ কৰে আৰু ২ জন লোকক গ্ৰেপ্তাৰ কৰে। ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যুঁজ আৰু ইয়াত লেনদেন কৰা সকল অবিৰতভাৱে অব্যাহত থাকিব। Well done@assampolice.।”
A @GuwahatiPol special squad led by Jt CP Sri Partha Sarathi Mahanta recovered 2 kgs Heroin from a truck and arrested 2 persons.
Our fight against drugs and those dealing in it shall continue unabated. Well done @assampolice. pic.twitter.com/rNJVfSv1tR
— Himanta Biswa Sarma (@himantabiswa) December 5, 2021
