leatest updateঅসমউৎসৱগুৱাহাটীদৈনিক বাতৰিভাৰতমনোৰঞ্জনসংস্কৃতি

গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ বিশেষ বিমানেৰে বৰঝাৰত অৱতৰণ প্ৰধানমন্ত্ৰী মোদী।

আজি অসমত ১৪ হাজাৰ কোটিৰ প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন কৰিব PMএ।

গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ বিশেষ বিমানেৰে বৰঝাৰত অৱতৰণ প্ৰধানমন্ত্ৰী মোদী। বৰঝাৰৰ পৰা পোনে পোনে হেলিকপ্টাৰেৰে উত্তৰ গুৱাহাটীলৈ মোদী। আজি অসমত ১৪ হাজাৰ কোটিৰ প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন কৰিব PMএ। চাংসাৰিত মোদীয়ে মুকলি কৰিলে স্বাস্থ্য সেৱাৰ বৃহৎ অনুষ্ঠান AIIMS। চাংসাৰিৰ পৰাই উদ্বোধন কৰিব ৩খন মেডিকেল কলেজৰো। মুকলি কৰিব নলবাৰী, নগাঁও আৰু কোকৰাঝাৰ কলেজ। বিতৰণ কৰিব ১.১ কোটি আয়ুস্মান ভাৰত PMJY কাৰ্ড। আধাৰশিলা স্থাপন কৰিব AAHIIৰ।

হাইক’ৰ্টৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানতো অংশ ল’ব মোদীয়ে। ৰোড শ্ব’ত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কইনাধৰাৰ পৰা সৰুসজাইলৈ কৰিব ৰোড শ্ব’। সন্ধিয়া ৫ বজাত সৰুসজাইত বিহুৰ কাৰ্যসূচীত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে।

PMৰ সন্মুখত বিহু প্ৰদৰ্শন কৰিব ১০ হাজাৰ নাচনী-ঢুলীয়াই। ভাৰ্ছুৱেলী স্থাপন কৰিব কেইবাটাও প্ৰকল্পৰ আধাৰশিলা। নামৰূপৰ মিথানল প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। আধাৰশিলা স্থাপন কৰিব পলাশবাৰী-শুৱালকুছিল দলঙৰ। স্থাপন কৰিব ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ আধাৰশিলা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Check Also
Close
Back to top button