অসমউৎসৱগুৱাহাটীদৈনিক বাতৰিভাৰতসংস্কৃতি

সাতামপুৰুখীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি গৰু বিহু পালন কৰাত ব্যস্ত সকলো অসমীয়া

লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু, বাপেৰ সৰু, তই হবি বৰ বৰ গৰু

লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা
মাৰ সৰু, বাপেৰ সৰু, তই হবি বৰ বৰ গৰু

আহি পালে হেপাহৰ ব’হাগ। আজি ১৪ এপ্ৰিল। সাতবিহুৰ প্ৰথম বিহুটোকে গৰু বিহু হিচাপে পালন অসমীয়াৰ। অতিজৰে পৰা কৃষিজীৱী চহা অসমীয়াই পালন কৰি আহিছে গৰু বিহু। বিহু উপলক্ষে উজনিৰ পৰা নামনিলৈ উখল-মাখল পৰিৱেশ। সাতামপুৰুখীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি গৰু বিহু পালন কৰাত ব্যস্ত সকলো অসমীয়া। পুৱাই গো ধনক নৈ, বিল,পুখুৰীৰ পাৰলৈ নি মাহ-হালধিৰে নোৱাই-ধোৱাই শ্ৰীবৃদ্ধি কামনা গৃহস্থৰ। পুৱাই নদীৰ ঘাতত গৰুক নোৱাবলৈ ভিৰ গৃহস্থৰ।

পৰম্পৰা অনুসৰি গধূলি পৰত গোহালিত জাক দি নতুন পঘাৰে বন্ধা হয় গৰুক। এশ এবিধ শাকৰ জুতি লোৱাৰ উপৰিও আমলৰি টোপৰ লৈকে যো-জা কৰা দেখা যায় সকলো অসমীয়াক।

গাঁৱৰ লগতে পিছ পৰি ৰোৱা নাই মহানগৰবাসীও। মহানগৰতে উলহ মালহেৰে পালন কৰিছে গৰু বিহু। দীঘলটি, মাখিলটিৰ পৰা আৰম্ভ কৰি জেতুকা পাতৰলৈকে সকলো বস্তুৱে উপলদ্ধ হৈছে মহানগৰীৰ বজাৰত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.