আন্তঃৰাষ্ট্ৰীয়ভাৰত

গ্লাচগোত উপস্থিত প্ৰধানমন্ত্ৰী! ‘মোদী হ্যে ভাৰত কা গেহনা’ শ্ল’গানেৰে উত্তাল গ্লাছগ’ হোটেল

আজিৰে পৰা দুদিনীয়াকৈ গ্লাছগোত আৰম্ভ হ’ব ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ২৬সংখ্যক বৈঠক৷ এই বৈঠকত অংশগ্ৰহণ কৰিব মোদীয়ে

আজি গ্লাচগোত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী। ৰোমত অনুষ্ঠিত G-20 বৈঠকত অংশগ্ৰহণৰ পিছত দুদিনীয়া ভ্ৰমণসূচীৰে বৰ্তমান মোদী উপস্থিত হৈছে গ্ৰেট ব্ৰিটেইনৰ গ্লাছগোত।

হোটেলত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনালে প্ৰৱাসী ভাৰতীয়সকলে। বৃহৎসংখ্যক প্ৰৱাসী ভাৰতীয়ই  ‘মোদী হ্যে ভাৰত কা গেহনা’ শ্ল’গানেৰে উত্তাল কৰিলে গ্লাছগ’ হোটেল।

আজিৰে পৰা দুদিনীয়াকৈ গ্লাছগোত আৰম্ভ হ’ব ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ২৬সংখ্যক বৈঠক৷ এই বৈঠকত অংশগ্ৰহণ কৰিব মোদীয়ে৷

G-20ৰ ৰাষ্ট্ৰ গোষ্ঠীৰ লগতে ২০০ৰো অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই বৈঠকত৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.