অসমগুৱাহাটীজন্তুৰাজনৈতিক

পোহৰলৈ আহিছে বহিঃৰাজ্যৰ ব্ৰয়লাৰ সৰবৰাহৰ এক ভয়ংকৰ ছবি

পোহৰলৈ আহিছে বহিঃৰাজ্যৰ ব্ৰয়লাৰ সৰবৰাহৰ এক ভয়ংকৰ ছবি। প্ৰশাসনৰ নীতি-নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ দালালে চলাইছে ছিণ্ডিকেটৰাজ।

পোহৰলৈ আহিছে বহিঃৰাজ্যৰ ব্ৰয়লাৰ সৰবৰাহৰ এক ভয়ংকৰ ছবি।

প্ৰশাসনৰ নীতি-নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ দালালে চলাইছে ছিণ্ডিকেটৰাজ।

টকাৰ বিনিময়ত অসমত প্ৰৱেশ কৰাৰ সুবিধা কৰি দিয়ে বহিঃৰাজ্যৰ ব্ৰয়লাৰভৰ্তি বাহন।

প্ৰতিখন বাহনৰ পৰা সংগ্ৰহ ৪৫ হাজাৰ পৰ্যন্ত টকা।

শেহতীয়াকৈ পোহৰলৈ আহিছে এই বৃহৎ ছিণ্ডিকেটৰ আঁৰৰ বহু মুখ।

অভিযোগ সমীৰণ দাস, আকালু দাস আৰু বহু দালালৰ বিৰুদ্ধে।

ব্ৰয়লাৰ ছিণ্ডিকেটৰ মূল মাষ্টাৰমাইণ্ট গকুলকাটা গাঁৱৰ সমীৰণ দাস।

দিনত ভদ্ৰতাৰ পোছাক পিন্ধি নিশা হ’লে সমীৰণে খেলে শেষ নিশাৰ খেল।

সংকষ নদীৰ সমীপত থকা নাৰায়ন ক্ৰেচাৰত জমা কৰে বহিঃৰাজ্যৰ ব্ৰয়লাৰভৰ্তি বাহন।

তাৰ পিছতেই আকালু দাস আৰু এটা বৃহৎ চক্ৰ লৈ প্ৰতিখন বাহনৰ পৰা টকা সংগ্ৰহ কৰি বংগ সীমান্তৰ জাৰাগুৰী, কোক্ছাগুৰী,  বাজুগাঁও, গকুলকাটা, শিমুলটাপু, মাক্তাইগাঁও গাঁৱৰ মাজেৰে চলাই সৰবৰাহ।

কেৱল এইকেইজন ব্যক্তিয়েই নহয় এই বৃহৎ চক্ৰত জড়িত আছে আৰু ২০-২৫জন লোক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 9 =

Back to top button