AssamCMO AssamElectionHimanta Biswa Sarmaleatest updatenationalpoliticalঅসমআঞ্চলিকগুৱাহাটীদৈনিক বাতৰিভাৰতভ্ৰমণৰাজনৈতিক

বটদ্ৰৱা এঘন্টৰো অধিক সময় আৱদ্ধ “ভাৰত জোড়ো ন্যায় যাত্ৰা”

বটদ্ৰৱা থানত ক'লা দাগ সানিলে মুখ্যমন্ত্ৰীয়েঃ গৌৰৱ গগৈ

পুনৰ বাধাৰ সম্মুখীন হ’ল কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। সোমবাৰে নগাঁও জিলাৰ বটদ্ৰৱাত এঘন্টৰো অধিক সময় ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক আৱদ্ধ কৰি ৰাখে। এনে চৰ্চাৰ মাজতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী শৰ্মাক লক্ষ্য কৰি বিস্ফোৰক মন্তব্য আগবঢ়াইছে।

সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী গৰাকীক সমালোচনা কৰি কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ইতিহাসত এটা ক’লা দাগ লগালে । সোমবাৰে ৰাহুল গান্ধীক নগাঁৱত আৱদ্ধ কৰি ৰখাৰ সময়ত বটদ্ৰৱাত উপস্থিত হৈ এই বিস্ফোৰক মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈয়ে । ৰাহুল গান্ধীৰ প্ৰতিনিধি হিচাপে বটদ্ৰৱা থানত উপস্থিত হয় গৈ গৌৰৱ গগৈ। বটদ্ৰৱা থানলৈ অহাত মুখ্যমন্ত্ৰীয়ে বাধা দিয়ে বুলি স্পষ্টভাৱে মন্তব্য কৰে গৌৰৱ গগৈয়ে । ৰাহুল গান্ধীক বটদ্ৰৱা থানত প্ৰৱেশত নগাঁও জিলা প্ৰশাসন আৰু থান পৰিচালনা সমিতিয়ে বাধা প্ৰদান কৰাৰ পাছত ১০ বজাত সাংসদ গৌৰৱ গগৈ আৰু বিধায়িকা শিৱামনি বৰাই বটদ্ৰৱা থানত আহি উপস্থিত হয় ।

সাংসদ গৌৰৱ গগৈ আৰু বিধায়িকা শিৱামনি বৰাৰ সন্মুখত বটদ্ৰৱা থানৰ প্ৰৱেশদ্বাৰ জাপি বাটচ’ৰাতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কংগ্ৰেছ সমৰ্থক আৰু বিজেপি সমৰ্থকৰ মাজত সৃষ্টি হয় তীব্ৰ খণ্ডযুদ্ধ । অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ হয় । ইপিনে, বটদ্ৰৱা থানত কোনো আইন শৃংখলা পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা নথকা স্বত্বেও ৰাহুল গান্ধীক কেৱল মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে বাধা দিয়াৰ অভিযোগ কৰে গৌৰৱ গগৈয়ে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button