অসমবন্যপ্ৰাণী

বন বিভাগৰ প্ৰচেষ্টাত অৱশেষত উদ্ধাৰ হ’ল দ-খাৱৈত পিছলি পৰা ৬টাকৈ বন্যহস্তী

উল্লেখ্য যে, পূৰ্বেও এই চৈবাৰীত থকা দ-খাৱৈটোত তিনিবাৰকৈ পিছলি পৰিছিল বহুকেইটা বন্যহস্তী । 

দ-খাৱৈত পৰিল বন্যহস্তী। গোৱালপাৰাৰ চৈবাৰীৰ এটা পৰিত্যক্ত খাৱৈত পিছলি পৰিল ৬টাকৈ বন্যহস্তী। প্ৰায় তিনি ঘন্টা ধৰি জীৱন মৰণ আৰ্তনাদ পানীত আৱদ্ধ হাতীকেইটাৰ।

এই ঘটনা সংঘটিত হৈছে গোৱালপাৰাৰ লক্ষীপুৰৰ চৈবাৰীত । শুকুৰবাৰে, বিয়লি ৪ বজাত চৈবাৰীৰ পৰিত্যক্ত পুখুৰীত পৰে হাতীকেইটা। পুখুৰীৰ বোকা-পানীত আৱদ্ধ হৈ পৰাত মৰণকাতৰ আৰ্তনাদ কৰিবলৈ আৰম্ভ কৰে হাতীকেইটাই । এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় বনকৰ্মীৰ দল। তাৰপাছতে, বন বিভাগৰ দলে এস্কেভেটৰেৰে পুখুৰীৰ পাৰ খান্দি অৱশেষত উদ্ধাৰ কৰে আৱদ্ধ হাতীকেইটা। নিশাই এটা এটাকৈ সহজতে পাৰলৈ উঠি আহি বনাঞ্চললৈ গুচি যায় হাতীৰ জাকটো।

উল্লেখ্য যে, পূৰ্বেও এই চৈবাৰীত থকা দ-খাৱৈটোত তিনিবাৰকৈ পিছলি পৰিছিল বহুকেইটা বন্যহস্তী ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.