জীৱনশৈলীজ্যোতিৰ্বিজ্ঞান

ঘৰৰ কোন জেগাত তুলসী ৰোপন কৰিলে বৃদ্ধি হয় ধন-সম্পত্তিৰ!

ভুলটো তুলসীৰ আশে-পাশে নাৰাখিব এইসমূহ সামগ্ৰী, নহ'লে লগ এৰিব মা লক্ষ্মীয়ে

হিন্দু ধৰ্ম অনুসৰি তুলসী গছত বাস কৰে দেৱী লক্ষ্মীয়ে। ধৰ্মীয় ৰীতি-নীতি অনুসৰি তুলসীত দৈনিক পানী ঢলাটো অতি শুভ বুলি গণ্য কৰা হয়। বাস্তু শাস্ত্ৰতো তুলসীৰ যথেষ্ট গুৰুত্ব আছে। জনবিশ্বাস অনুসৰি ঘৰত তুলসী গছ ৰোপণ কৰিলে ধন-সম্পত্তিৰ বৃদ্ধি হোৱাৰ লগতে বৃদ্ধি হয় সুখ সমৃদ্ধিৰো। কিন্তু বহু সময়ত তুলসীৰ লগত জড়িত কিছুমান বাস্তু নিয়ম মানি নচলাৰ বাবে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। গতিকে এতিয়াৰ পৰা তুলসী গছৰ ওচৰত এইসমূহ সামগ্ৰী নাৰাখিব।

 

১. তুলসীৰ ওচৰত কেতিয়াও জাবৰৰ দম নাৰাখিব
হিন্দু ধৰ্ম অনুযায়ী তুলসীক পবিত্ৰ বুলি গণ্য কৰা হয়। গতিকে এই গছজোপা য’ত ৰখা হয় সেই জেগাখিনি যিমান পাৰি পৰিষ্কাৰ কৰি থ’ব লাগে। তুলসীৰ আশে-পাশে কোনো ধৰণৰ জাবৰ নাৰাখিব।

২. তুলসীৰ ওচৰত কেতিয়াও ঝাড়ু নাৰাখিব
বাস্তু শাস্ত্ৰ অনুসৰি, তুলসীৰ ওচৰত কেতিয়াও ঝাড়ু ৰাখিব নালাগে। ঘৰ চাফা কৰাৰ বাবে ঝাড়ু ব্যৱহাৰ কৰা হয়। সেয়েহে ইয়াক তুলসীৰ ওচৰত ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰত দৰিদ্ৰতাই দেখা দিয়ে।

৩. তুলসীৰ ওচৰত কেতিয়াও জোতা নাৰাখিব
বহু সময়ত মানুহে তুলসীৰ কাষতে জোতা ষ্টেণ্ড বনাই। কিন্তু এইটো একেবাৰেই কৰা উচিত নহয়। কাৰণ তুলসীক পবিত্ৰ বুলি গণ্য কৰা হয়। তুলসীৰ ওচৰত জোতা ৰাখিলে বেয়া প্ৰভাৱ পৰে।

৪. তুলসীৰ ওচৰত কেতিয়াও কাঁইটীয়া গছ ৰাখিব নালাগে
বাস্তু শাস্ত্ৰ অনুসৰি, ঘৰত কাঁইটীয়া গছ ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। কিন্তু গোলাপ ৰোপণ কৰিব পাৰি। কিন্তু গোলাপ গছ কেতিয়াও তুলসী গছৰ ওচৰত ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰখনত নেতিবাচক প্ৰভাৱ পৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 1 =

Back to top button