দুৰ্ঘটনাভাৰত

Helicopter Crash: ঘনঘোৰ জংঘলত দুৰ্ঘটনাত পতিত MI-17V5, পত্নীসহিতে প্ৰাণ হেৰুৱালে CDS বিপিন ৰাৱট

দুৰ্ঘটনাৰ ফলত বিমানখনত যাত্ৰা কৰা ১৪ জন যাত্ৰীৰ ভিতৰত ১৩ জন যাত্ৰীয়েই প্ৰাণ হেৰুৱায়। সেনাবাহিনীৰ মুখ্য বিপিন ৰাৱটক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও বৰ্তমান তেখেতৰ স্বাস্থ্য সন্দৰ্ভত কোনো ঘটনা পোহৰলৈ অহা নাই।

নিষ্ঠুৰ নিয়তিয়ে প্ৰাণ কাঢ়িলে সকলোৰে। ভয়ংকৰ দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ুসেনাৰ বিমান MI-17V5। পত্নী সহিতে ঘনঘোৰ জংঘলত প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাবাহিনীৰ মুখ্য(CDS) বিপিন ৰাৱট।

বুধবাৰে, ১৪ জন যাত্ৰী কঢ়িয়াই নিছিল ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমান MI-17V5 হেলিকপ্টাৰখনে। তামিলনাডুৰ চুলুৰৰ সেনা বাহিনীৰ কেম্পৰ পৰা উৰা মৰা MI চিৰিজৰ হেলিকপ্টাৰখন তামিলনাডুৰ কুন্নুৰত দুৰ্ঘটনাত পতিত হয়। বুধবাৰে দুপৰীয়া ১২.২০ বজাত তামিলনাডুৰ নীলগিৰি পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হয় এই হেলিকপ্টাৰখন।

দুৰ্ঘটনাৰ ফলত বিমানখনত যাত্ৰা কৰা ১৪ জন যাত্ৰীৰ ভিতৰত ১৩ জন যাত্ৰীয়েই প্ৰাণ হেৰুৱায়। সেনাবাহিনীৰ মুখ্য বিপিন ৰাৱটক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে বিপিন ৰাৱটে।

Helicopter Crash: ঘনঘোৰ জংঘলত দুৰ্ঘটনাত পতিত MI-17V5, পত্নীসহিতে প্ৰাণ হেৰুৱালে CDS বিপিন ৰাৱট

এই ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ দেশ। ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে।

Helicopter Crash: ঘনঘোৰ জংঘলত দুৰ্ঘটনাত পতিত MI-17V5, পত্নীসহিতে প্ৰাণ হেৰুৱালে CDS বিপিন ৰাৱট

Helicopter Crash: ঘনঘোৰ জংঘলত দুৰ্ঘটনাত পতিত MI-17V5, পত্নীসহিতে প্ৰাণ হেৰুৱালে CDS বিপিন ৰাৱট

তামিলনাডুৰ পাহাৰত ভাৰতীয় সেনা বাহিনীৰ হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে হেলিকপ্টাৰখন জুইৰ লেলিহান শিখাই আৱৰি ধৰে। স্থানীয় লোক আৰু সেনাৰ সহযোগত ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলোৱা হয় যদিও কেইবাজনো লোকৰ শৰীৰৰ ১০০ শতাংশই জ্বলি যায়।

Helicopter Crash: ঘনঘোৰ জংঘলত দুৰ্ঘটনাত পতিত MI-17V5, পত্নীসহিতে প্ৰাণ হেৰুৱালে CDS বিপিন ৰাৱট

বুধবাৰে ৱেলিংটনস্থিত ডিফেন্স ষ্টাফ কলেজলৈ যাত্ৰা কৰিছিল বিপিন ৰাৱটৰ লগতে আন ১৩ জন সেনা বিষয়াই।

উল্লেখ্য যে, বায়ু সেনাৰ বিশেষ বিমান MI-17V5য়ে যিকোনো পৰিস্থিতিতে উৰা মাৰিব পাৰে। এই হেলিকপ্টাৰখন Starboard Sliding Door, Parachute Equipment, Searchlight আৰু Emergency Floatation Systemৰ দৰে অত্যাধুনিক সা-সুবিধাসম্পন্ন। এই অত্যাধুনিক সুবিধা থকা স্বত্তেও হেলিকপ্টাৰখন কিদৰে দুৰ্ঘটনাত পতিত হ’ল সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও ঘটনা সন্দৰ্ভত অব্যাহত ৰখা হৈছে অভিযান। Helicopter Crash: ঘনঘোৰ জংঘলত দুৰ্ঘটনাত পতিত MI-17V5, পত্নীসহিতে প্ৰাণ হেৰুৱালে CDS বিপিন ৰাৱট

এইখিনিতে উল্লেখ কৰিব পাৰি যে, এই দুৰ্ঘটনাত ১৪ জন লোকৰ ভিতৰত ১৩ জন লোকেই প্ৰাণ হেৰুওৱাৰ বিপৰীতে এজন লোক সংকটজনক অৱস্থাত চিকিৎসা চলাই থকা হৈছে। নিহত লোকসকলৰ DNA পৰীক্ষা কৰি চিনাক্ত কৰা হ’ব মৃতদেহ।বিপিন ৰাৱটৰ মৃত্যু ভাৰতীয় সেনাৰ বাবে বিস্তৰ ক্ষতি। তেখেতৰ মৃত্যু দেশৰ বাবে বিস্তৰ ক্ষতি।

ঘটনাৰ বাবে, আজি বিয়লি ৬.৩০ বজাত এখন বিশেষ বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমাৰ মন্ত্ৰীসকল । এই বৈঠকত হেলিকপ্টাৰ দুৰ্ঘটনা সন্দৰ্ভত বিশেষ আলোচনা কৰা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − 6 =

Back to top button