আন্তঃৰাষ্ট্ৰীয়খেলবিশ্বভাৰত
Trending

Tokyo Olympics 2020:৪১ বছৰৰ প্ৰতীক্ষাৰ অন্ত পেলাই ভাৰতলৈ আহিল ব্ৰঞ্জ

ভাৰতবাসীৰ উৎকন্ঠাৰ অন্ত পেলাই ৪১ বছৰৰ অন্তত ভাৰতলৈ আহিল অন্য এক পদক

অলিম্পিকত অব্যাহত আছে ক্ৰীড়াবিদৰ পদক জয়ৰ দৌৰ। ভাৰতবাসীৰ উৎকন্ঠাৰ অন্ত পেলাই ৪ তাৰিখে ভাৰতীয় বক্সাৰ, অসম কন্যাই কঢ়িয়াই আনিলে গৌৰৱ। তাৰ পাছতে ৪১ বছৰৰ অন্তত ভাৰতলৈ আহিল অন্য এক পদক। অলিম্পিকৰ ইতিহাসত খোদিত হ’ল ভাৰতৰ নাম।

ভাৰতীয় হকীৰ পুৰুষ দলে ৪১ বছৰৰ প্ৰতীক্ষাৰ অন্ত পেলাই ব্ৰঞ্জ জয়ৰে ভাৰতলৈ পুনৰ কঢ়িয়াই আনিছে গৌৰৱ। বৃহস্পতিবাৰে, প্ৰতিদ্বন্দ্বী জাৰ্মানীক ৫-৪ৰ ব্যৱধানত পৰাজিত কৰি পদক আজুৰিবলৈ সক্ষম হয় ভাৰতীয় হকীৰ পুৰুষ দলটো। খেলুৱৈ চিমৰনজিৎ সিঙে ভাৰতৰ হৈ দুটা চমৎকাৰী গ’ল দিবলৈ সক্ষম হয়। ইয়াৰ সমান্তৰালকৈ হাৰ্দিক সিং, হৰমনপ্ৰীত সিং আৰু ৰুপিন্দৰ পল সিঙেও স্ক’ৰচিট(Scoresheet)ত নাম অন্তৰ্ভু্ক্ত কৰিবলৈ সক্ষম হয়।

ভাৰতীয় হকীৰ পুৰুষ দলৰ এই সফলতাই বাৰুকৈয়ে গৌৰৱান্বিত কৰিছে ভাৰতবাসীক। অলিম্পিকত হকী দলটোৰ এই সফলতাৰ পাছতে ভাৰতে লাভ কৰা পদকৰ সংখ্যা হ’লগৈ ৪টা। ভাৰতবাসীয়ে আশা কৰিছে ভাৰতলৈ আহক আৰু পদক। পদক জয়ৰে অলিম্পিকত নাম খোদিত কৰক ভাৰতে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.