ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ৮৪৪ গৰাকী লোক। বহুতৰে দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ লগতে ৯ জন লোকৰ দেহত ধৰা পৰিছে অমিক্ৰন ভাইৰাছ।
বৃহস্পতিবাৰে, ক’ভিডত আক্ৰান্ত হয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। দিল্লীৰ পৰা উভতি অহাৰ সময়তে ক’ভিড ধৰা পৰে মন্ত্ৰীগৰাকীৰ দেহত।
Yesterday I tested COVID positive . I have mild symptoms and I am in Home Isolation, following all COVID protocols and guidelines.
Those who came in contact with me are requested to take necessary action accordingly.— Pijush Hazarika (@Pijush_hazarika) January 7, 2022
অৱশ্যে তেখেতৰ দেহত বহুত বেছি লক্ষণ ধৰা পৰা নাই। সামান্য লক্ষণহে আছে মন্ত্ৰীগৰাকীৰ।
শুকুৰবাৰে, ম’নক্লনেল এণ্টিবডি ল’বলৈ GMCH লৈ আহিছিল মন্ত্ৰীগৰাকী। বৰ্তমান কিছু পৰিমাণে সুস্থ যদিও পুনৰ হোম আইশ্ব’লেচনত থাকিব মন্ত্ৰীগৰাকী। শীঘ্ৰেই সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব বুলি মন্তব্য GMCH অধ্যক্ষৰ।


