শ্ৰেণীবিহীন

কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দুই ভাতৃৰ, ডেৰ বিঘা মাটিত ড্ৰেগন ফলৰ খেতি।

ইউটিউবৰ পৰা অনুপ্ৰাণিত হৈ ভাতৃদ্বয়ে নিজা ডেৰ বিঘা মাটিত আৰম্ভ কৰে ড্ৰাগন ফলৰ খেতি

শাক পাচলি নহয় খাৰুপেটীয়াত এইবাৰ দুই ভাতৃৰ ড্ৰাগন ফলৰ খেতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে কৃষি খণ্ডলৈ। কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে খাৰুপেটীয়াৰ দুই ভাতৃয়ে। ডেৰ বিঘা মাটিত ড্ৰেগন ফলৰ খেতি কৰিছে খাৰুপেটীয়াৰ পৰা ৫ কি:মি: দুৰত পশ্চিম কামাৰপাৰা গাঁৱৰ ২ ভাতৃ আব্দুল ওৱাহেদ আৰু আব্দুল লতিফে।

ইউটিউবৰ পৰা অনুপ্ৰাণিত হৈ ভাতৃদ্বয়ে নিজা ডেৰ বিঘা মাটিত আৰম্ভ কৰে ড্ৰাগন ফলৰ খেতি। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ডেৰ বিঘা মাটিত ৰোপন কৰিছে ১৮ শ পুলি। দুই ভাতৃৰ এনে কৰ্মই আকৰ্ষিত কৰিছে বহুতকে। চাকৰিৰ পিছে পিছে নুঘুৰি প্ৰচুৰ উপাৰ্জন থকা খেতি কৰি নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ নিবনুৱা যুৱক যুৱতীক আহ্বান জনাই কৃষক আব্দুল ওৱাহেদে ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.