আন্তঃৰাষ্ট্ৰীয়

কাবুল বিমানবন্দৰত গুলীয়াগুলী, অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত আফগান নিৰাপত্তাৰক্ষী

জাৰ্মানী সামৰিক বাহিনীৰ তথ্য অনুসৰি এই সংঘৰ্ষত মাৰ্কিন সেনা আৰু জাৰ্মানীৰ সেনাও জড়িত আছিল

পুনৰ অশান্ত আফগানিস্তান। ১৫ আগষ্টত তালিবানে আফগানিস্তান দখল কৰি ২০ বছৰৰ অন্তত পুনৰ আৰম্ভ কৰিছে শাসন। সোমবাৰে, কাবুল বিমানবন্দৰত আফগানী নিৰাপত্তাৰক্ষী আৰু অচিনাক্ত বন্দুকধাৰীৰৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়।

এই সংঘৰ্ষত মৃত্যুক সাৱটি লয় এজন আফগান নিৰাপত্তাৰক্ষীয়ে। জাৰ্মানী সামৰিক বাহিনীৰ তথ্য অনুসৰি এই সংঘৰ্ষত মাৰ্কিন সেনা আৰু জাৰ্মানীৰ সেনাও জড়িত আছিল। সোমবাৰে, ৰাতিপুৱা সংঘটিত গুলীয়াগুলীত আঘাতপ্ৰাপ্ত হয় তিনজন নাগৰিক।

হাজাৰ-হাজাৰ আফগান আৰু বিদেশী লোকে কিছুদিন ধৰি ভিৰ কৰিছেহি কাবুল বিমানবন্দৰত। সকলোৰে এটাই লক্ষ্য-কিদৰে তালিবানে শাসন কৰা আফগানিস্তানৰ পৰা পলায়ন কৰি অন্য দেশলৈ যাব পাৰি।

উল্লেখযোগ্য যে, বিমানবন্দৰত সৃষ্টি হোৱা সংঘৰ্ষ, হেঁচা-থেলাত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ২০ জন লোকে। মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু অন্য আন্তঃৰাষ্ট্ৰীয় শক্তিসমূহে নিজ দেশৰ নাগৰিকসকলক আফগানিস্তানৰ পৰা লৈ যোৱাৰ চেষ্টা চলোৱাৰ সময়তে সংঘটিত হৈছে এই ঘটনা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.