অপৰাধ

পশুখাদ্য কেলেংকাৰীত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ, পাঁচ বছৰৰ বাবে হ’ল কাৰাগাৰৰ আলহী…

তিনিবছৰৰ বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীক আন ৩৯ গৰাকী ব্যক্তিৰ সৈতে দোষী সাব্যস্ত কৰা হৈছিল

পুনৰ কাৰাগাৰলৈ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ। পাঁচ বছৰৰ বাবে কাৰাগাৰৰ আলহী হ’ল লালু প্ৰসাদ। তেখেতৰ ওপৰত লগোৱা হৈছে ৬০ লাখ টকাৰ জৰিমনা।

 

ডোৰণ্ডা কোষাগাৰৰ ১৩৯.৩৫ কোটিৰ কেলেংকাৰীত দোষী লালু প্ৰসাদ যাদৱ। পশুখাদ্য কেলেংকাৰীৰ অন্যতম এক গোচৰতো দোষী সাব্যস্ত কৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। সোমবাৰে চিবিআইৰ বিশেষ আদালতে ঘোষণা কৰে শাস্তিৰ ম্যাদ।

 

ৰাষ্ট্ৰীয় জনতা দলৰ নেতাগৰাকীক যোৱা সপ্তাহত দোষী সাব্যস্ত কৰা হৈছিল। এই গোচৰটোত ১৯৯০ৰ দশকত লালু প্ৰসাদ যাদৱ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত সংঘটিত হোৱা পশুখাদ্য কেলেংকাৰীৰ অংশ হিচাপে দোৰাণ্ডা কোষাগাৰৰ পৰা ১৩৯.৫ কোটি টকা অবৈধভাৱে প্ৰত্যাহাৰ কৰাটো জড়িত হৈ আছে।

 

তিনিবছৰৰ বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীক আন ৩৯ গৰাকী ব্যক্তিৰ সৈতে দোষী সাব্যস্ত কৰা হৈছিল। উল্লেখ্য যে, ১৫ ফেব্ৰুৱাৰীত জে’ললৈ প্ৰেৰণ কৰাৰ পিছত ৭৩ বছৰীয়া নেতাগৰাকীক ৰাচীৰ জে’ল হাস্পতাললৈ লৈ যোৱা হৈছিল। হয়তো প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শীঘ্ৰেই মুকলি কৰি দিয়া হ’ব, যিহেতু তেওঁ ইতিমধ্যেই কাৰাগাৰত তিনিবছৰৰ দীৰ্ঘ সময় অতিবাহিত কৰি আহিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.