Educationঅপৰাধঅসম

ফিলবাৰী ঘটনাক লৈ অনুস্থিত হোৱা ৰাজহুৱা সভাত লোৱা হ’ল কেইবাটাও গুৰুত্বপুৰ্ণ সিদ্ধান্ত

ফিলবাৰীৰ ঘটনাই সমগ্ৰ অসমতে বৰ্তমান এক চৰ্চিত বিষয় হৈ পৰিছে

তিনিচুকীয়াৰ ফিলবাৰীত সাষ্টাঙ্গে প্ৰনিপাত জনাই এগৰাকী শিক্ষয়ত্রীয়ে ছাত্ৰ ছাত্ৰীৰ আগত ক্ষমা ভিক্ষা জনোৱা ঘটনাই সমগ্ৰ অসমতে বৰ্তমান এক চৰ্চিত বিষয় হৈ পৰিছে।

ৰাজ্যৰ চৌ দিশে ধিক্কাৰ ধ্বনি উঠিছে ফিলবাৰী ছাত্ৰ সমাজৰ বিৰুদ্ধে। ঘটনাটোত উপস্থিত থকা ফিলবাৰীৰ ASU নেতাক বহিষ্কাৰ কৰিছে সংগঠনটোৱে।

তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপ- সভাপতি তথা ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপে কৰ্মৰত কৰ্ণ বুঢ়াগোহাঁইক বহিষ্কাৰ কৰিলে ছাত্ৰ সংগঠনটোৱে। আৰু তাৰ পিছত ফিলবাৰীৰ ASU কৰ্মীৰ মাজত সৃষ্টি হৈচে তীব্ৰ অসন্তুষ্টি।

বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক সমাজ, বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ কৰ্মী, বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত আজি অনুস্থিত হোৱা এখন বৃহৎ ৰাজহুৱা সভাত  গ্ৰহণ কৰা কেইটামান গুৰুত্বপুৰ্ণ সিদ্ধান্ত-

ৰাজহুৱা সভাই ফিলবাৰীৰ সেই দুৰ্ভাগ্য জনক ঘটনাটোৰ প্ৰতি দুখ প্ৰকাশ কৰি এনে ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে সকলো পক্ষকে সজাগ হোৱাৰ আহ্বান জনায়।

ফিলবাৰী অঞ্চলৰ শৈক্ষিক পৰিৱেশ বৰ্তি থকাৰ বাবে সকলোৱে পৰস্পৰে পৰস্পৰক সহযোগিতাৰ আহ্বান জনায় ৰাজহুৱা সিদ্ধান্তত।

সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে কৰ্মৰত কৰ্ণ বুঢ়াগোহাঁইক পুনৰ মৰ্য্যদা সহকাৰে পদবী ঘূৰাই দিবলৈ বিবেচনা কৰিবলৈ আহ্বান জনাই ASU ৰ কেন্দ্ৰীয় নেতৃত্বক।

বিদ্যালয়খনত চৰ্চিত হোৱা ৩হাজাৰ টকাৰ বৰ্ধিত মাছুল বিদ্যালয় কৰ্তিপক্ষই ছাত্ৰ ছাত্ৰীক ঘূৰাই নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু উক্ত মাছুল খিনি বিদ্যালয়ৰখনৰ উন্নয়নৰ বাবদ উচিত কৰ্মত প্ৰয়োগ কৰিবলৈ ৰাজহুৱা সভাই বিদ্যালয় পৰিচালনা সমিতিক অনুৰোধ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.