পাহাৰেৰে আৱৰা প্ৰকৃতিৰ ৰম্যভূমি ডিমা হাছাওত যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন। গানেৰে সকলোৰে হৃদয় জিনা বলিউডৰ গায়ক জুবিন নৌটিয়ালে শুকুৰবাৰে নিশা পুনৰ গানেৰে হৃদয় জিনিলে অনুৰাগীৰ। পাহাৰীয়া ডিমা হাছাওৰ উমৰাংচুত সংগীতৰ মায়াজালেৰে জীপাল হ’ল শুকুৰবাৰৰ সন্ধিয়া।
জনপ্ৰিয় শিল্পীগৰাকীক সন্মুখৰ পৰা চাবলৈ শুকুৰবাৰে উমৰাংচুত ভিৰ অনুৰাগীৰ। উমৰাংচুত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে-ফেলকন ফেষ্টিভেল। উমৰাংচুত আয়োজন কৰা পুচৰিংদি নদীদ্বীপৰ মুকলি অনুষ্ঠানত অংশ লয় জুবিন নৌটিয়ালে।
ফেলকন ফেষ্টিভেলৰ সংগীতানুষ্ঠানৰ ভিডিঅ’ৰ লিংক-
https://www.facebook.com/diphuvoice/videos/418358716668884
শুকুৰবাৰে, বলিউডৰ গায়ক জুবিন নৌটিয়ালে দুদিনীয়া ফেলকন ফেষ্টিভেলৰ সপ্তম সংস্কৰণত অংশ লয়।
অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ পিছত শিল্পীগৰাকীয়ে টুইটাৰযোগে প্ৰকাশ কৰে মনৰ অনুভৱ। তেওঁ লিখে-“It was beautiful to meet you my dear #Assam. I saw something special in you at the #falconfestival – #umrangso last night. You have my heart.”
It was beautiful to meet you my dear #Assam . I saw something special in you at the #falconfestival – #umrangso last night . You have my heart ❤️ .
@rockywkhanna @falconfestival pic.twitter.com/KvGoD6qODz
— Jubin Nautiyal (@JubinNautiyal) November 20, 2021
উমৰাংচুত আয়োজন কৰা দুদিনীয়া ফেলকন ফেষ্টিভেলত সাংস্কৃতিক অনুষ্ঠান, প্ৰদৰ্শনী, আলোচনা, চেমিনাৰ, সংৰক্ষণৰ লগতে বহুতো অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
উল্লেখ্য যে, ডিমা হাছাওত প্ৰতি বছৰে ফেলকন ফেষ্টিভেল আয়োজন কৰাৰ আঁৰত আছে এক মহৎ উদ্দেশ্য।
শীতকালত ডিমা হাছাওলৈ অহা পৰিভ্ৰমী পক্ষী ‘আমুৰ ফেলকন’ চৰাইৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবেই পালন কৰা হয় এই উৎসৱ ।