জীৱনশৈলী

দৈনন্দিন চিন্তাসমূহৰ পৰা আঁতৰি থাকিব বিচাৰে নেকি আপুনিও? তেন্তে নিজক চিন্তামুক্ত কৰি ৰাখিবলৈ পঢ়ক এই শিতান!

দৈনিক কৰ্মব্যস্ততাপূৰ্ণ জীৱনটোট থকা চিন্তাসমূহৰ পৰা যদি আপুনি মুক্ত হ’ব বিচাৰে তেন্তে অবলম্বন কৰক এই উপায়সমূহ

স্বাভাৱিকতে প্ৰত্যেকৰে ব্যক্তিগত জীৱন সংঘাতৰে পৰিপূৰ্ণ। কিন্তু তাৰ মাজতো জীৱনটো সুন্দৰকৈ উদযাপন কৰি জীয়াই থকাৰ হেঁপাহ প্ৰত্যেকজন ব্যক্তিৰে থাকে। পিছে দৈনন্দিন জীৱনত এটাৰ পাছত আন এটাই চিন্তাই মানসিকভাৱে যিকোনো ব্যক্তিকে ব্যতিবস্ত কৰিব পাৰে। হয়তো অত্যধিক চিন্তাৰ বাবেই মানুহ এজনে নিজকে বিভিন্ন কামৰ পৰা আঁতৰাই ৰাখিব বিচাৰে। চিন্তাই মানুহক মানসিকভাৱে ৰোগী কৰাতো বেছি সময় নালাগে। পিছে এইসমূহ চিন্তাৰ পৰা আপুনি পৰিত্ৰাণ পাব কেনেকৈ? চিন্তাসমূহৰ পৰা আপুনি মুক্ত হ’ব কেনেকৈ! দৈনিক কৰ্মব্যস্ততাপূৰ্ণ জীৱনটোট থকা চিন্তাসমূহৰ পৰা যদি আপুনি মুক্ত হ’ব বিচাৰে তেন্তে অবলম্বন কৰক এই উপায়সমূহ।

 

নিজৰ বন্ধু আৰু পৰিয়ালৰ সৈতে যিমান পাৰে সময় কটাওক। স্মাৰ্টফোন আৰু কম্পিউটাৰৰ ব্যৱহাৰ পাৰ্যমানে কমকৈ কৰক। চিন্তাসমূহৰ পৰা দূৰত থাকিব হ’লে নিজক সময় দিয়ক। তদুপৰি পঢ়াৰ পৰা গান শুনালৈকে নিজৰ পচন্দৰ কামবোৰ কৰক। ইয়াৰ লগতে যোগাশনৰো যথেষ্ট প্ৰয়োজনীয়তা আছে। মেডিটেচনৰ বাবে নিশ্চয় সময় উলিয়াওক। ধনাত্মক চিন্তাৰে নিজৰ মন মগজু সবল কৰক। গতিকে এইসমূহ উপায় যদি আপুনি নিতৌ অনুসৰণ কৰে তেন্ত নিশ্চয় আপুনি এটি চিন্তামুক্ত জীৱন লাভ কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button