অসম

গৰুখুঁটিৰ হিংসাত্মক ঘটনাৰ সন্দৰ্ভত আটক দুজন লোক

চি আই ডিয়ে দেওবাৰে নিশা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে

বিগত সপ্তাহত দৰঙৰ গৰুখুঁটিত উচ্ছেদ চলোৱাৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে দুজন লোকক।

দৰং জিলাৰ গৰুখুঁটিত প্ৰশাসনৰ উচ্ছেদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত চি আই ডিয়ে দেওবাৰে নিশা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক দুজন আছমত আলী আৰু ছান মামুদ বুলি জানিব পৰা গৈছে।

আছমত আলী বাজানপথাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি থকাৰ বিপৰীতে ছান মামুদ সাণোৱা আছিল ছোনোৱাৰ পঞ্চায়তৰ সভাপতি।

উল্লেখযোগ্য যে, গৰুখুঁটিৰ ঘটনাৰ সৈতে জড়িত দুষ্কৃতিৰ তালিকা অসম আৰক্ষীয়ে ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে বুলি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই দেওবাৰে মন্তব্য কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.