অসমআঞ্চলিক

টেকেলিত জমা কৰা খুচুৰা পইচাৰে সপোন পূৰণ কৰিলে দ্বীপেনে

এটকা দুটকা নহয় টেকেলিত জমা কৰা ৭০ হাজাৰ টকা খুচুৰা পইচাৰে ইলেক্ট্রিক স্কুটি ক্ৰয় কৰিলে সোণাৰি চাপৰিৰ দ্বীপেন ভৰালীয়ে

নিজৰ অদম্য আশা আৰু সপোনক বাস্তৱত ৰূপান্তৰিত কৰি গৌৰাৱাম্বিত সোণাৰি চাপৰিৰ দ্বীপেন ভৰালী ৷ এটকা দুটকা নহয় টেকেলিত জমা কৰা ৭০ হাজাৰ টকা খুচুৰা পইচাই ইলেক্ট্রিক স্কুটি ক্ৰয় কৰিলে সোণাৰি চাপৰিৰ দ্বীপেন ভৰাঁলীয়ে। সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত সোণাৰি চাপৰি মিলন নগৰ দ্বিপেন ভৰালী নামৰ যুৱকজনে বিগত ৫ বছৰে জমা কৰা এটকীয় দুটকীয়া আৰু পাঁচটকীয়া খুচৰা পইচাৰে ক্ৰয় কৰিলে এখন ইলেক্ট্ৰনিক স্কুটি ৷ এটি সৰু ব্যৱসায় আৰম্ভ কৰি হাতলৈ অহা খুচৰা পইচাকেইটা মাটিৰ টেকেলি আৰু প্লাষ্টিক বৈয়ামত জমা কৰি কিবা এটা কৰাৰ সপোন পুহি ৰখা ভঁৰালীয়ে আজি সপোনক বাস্তৱিত কৰি ঘিলামৰা হিৰো ডিলাৰৰ পৰা ক্ৰয় কৰিলে এখন ইলেক্ট্রিক স্কুটি৷ দুটকা এটকাকৈ সঞ্চয় কৰি ৫ টা বছৰৰ অন্তত সপোনক বাস্তৱত ৰূপ দিবলৈ পায়,সন্তোষ প্ৰকাশ কৰা দ্বীপেনকলৈ সুখী পৰিয়ালবৰ্গও ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.