অসম

উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্রথম বিভাগত উত্তীৰ্ণ সকলোয়ে নাপায় স্কুটী, ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে…

নিযুক্তিৰ ক্ষেত্ৰত সহায়ক হয় বাণিজ্য আৰু বিজ্ঞান শাখা। এই দুই শাখাত পঢ়িলে শিক্ষাৰ্থীসকলে নিযুক্তি পোৱাৰ ক্ষেত্ৰত সহায়ক হয় বুলি উল্লেখ শিক্ষামন্ত্ৰীৰ। 

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল। ফলাফল ঘোষণাৰ পাছতেই শিক্ষামন্ত্ৰীৰ সংবাদমেল। ছাত্ৰ-ছাত্ৰীক বাণিজ্য, বিজ্ঞান শাখাত পঢ়াৰ বাবে আহ্বান শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

 

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণাৰ পিছতেই শিক্ষামন্ত্ৰীয়ে কৰে অন্য এক বিশেষ ঘোষণা। শিক্ষাৰ্থীক বিজ্ঞান আৰু বাণিজ্য শাখাত পঢ়াৰ আহ্বান ৰণোজ পেগুৰ। তেওঁ কয় যে, নিযুক্তিৰ ক্ষেত্ৰত সহায়ক হয় বাণিজ্য আৰু বিজ্ঞান শাখা। এই দুই শাখাত পঢ়িলে শিক্ষাৰ্থীসকলে নিযুক্তি পোৱাৰ ক্ষেত্ৰত সহায়ক হয় বুলি উল্লেখ শিক্ষামন্ত্ৰীৰ।

 

লগতে শিক্ষামন্ত্ৰীয়ে কয় যে, পূৰ্বৰ দৰেই থাকিব মেট্ৰিক পৰীক্ষা। মেট্ৰিক পৰীক্ষাত পূৰ্বৰ দৰেই থাকিব শীৰ্ষ ১০টা স্থান। আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ ক্ষেত্ৰত সিদ্ধান্ত ল’ব মুখ্যমন্ত্ৰীয়ে। ক্ৰমাগত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা শিক্ষানুষ্ঠানক সহায় কৰিব চৰকাৰে। আনহাতে, উচ্চতৰ মাধ্যমিকত প্রথম বিভাগত উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীয়ে নাপায় স্কুটী। নিৰ্ধাৰিত কাট অৱ মাৰ্কছ লাভ কৰা সকলেহে পাব স্কুটী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.