অপৰাধঅসমআঞ্চলিক

মাতৃক হত্যাৰ অপচেষ্টা উদণ্ড পুত্ৰৰ! শাসন কৰাই কাল হ’ল…

খুঁটাত বান্ধি থোৱা হৈছে এজন যুৱকক। নিজ মাতৃক আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰা পাছত পিতৃয়ে বান্ধি থ’লে পুত্ৰক

পুত্ৰক শাসন কৰি আক্ৰমণৰ বলি হ’ল মাতৃ
মাতৃক হত্যাৰ অপচেষ্টা উদণ্ড পুত্ৰৰ

খুঁটাত বান্ধি থোৱা হৈছে এজন যুৱকক। নিজ মাতৃক আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰা পাছত পিতৃয়ে বান্ধি থ’লে পুত্ৰক। গোলাঘাটৰ ধনশিৰি পাৰঘাটৰ মুন্না তুৰী নামৰ যুৱকজনে মঙলবাৰে পুৱাই নিজ মাতৃ মীনা তুৰীক হাতত চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় মীনা তুৰী ৷

কেৱল ভাঙৰ নিচাত মতলীয়া হৈ থকা মুন্নাক মাতৃয়ে এইবোৰৰ পৰা বিৰত থাকিবলৈ কোৱা কথাই কাল হ’ল এইগৰাকী মাতৃৰ বাবে৷ আনহাতে পুত্ৰই চোকা অস্ত্ৰই আক্ৰমণ কৰাৰ পিছত মাতৃক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

পূৰ্বতেও এইদৰে নিজ পিতৃ-মাতৃৰ ওপৰত শাৰীৰিক অত্যাচাৰ কৰি আহিছে মুন্নাই৷ ঘটনা সন্দৰ্ভত মুন্নাক গোলাঘাট আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে৷ নিজ পুত্ৰৰ দ্বাৰা এইদৰে আহত হ’ব লগা হোৱাত এতিয়া সমগ্ৰ অঞ্চলত চাঞ্চল্যই বিৰাজ কৰিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.