অসম

‘মহা অৰণ্য’ উপন্যাসৰ স্ৰষ্টা ডঃ অনুজ বৰুৱাৰ দেহাৱসান

মৃত্যুৰ সময়ত বৰুৱাৰ বয়স আছিল ৫৭ বছৰ

‘মহা অৰণ্য’ উপন্যাসৰ স্ৰষ্টা ডঃ অনুজ বৰুৱাৰ দেহাৱসান। নিশা GMCHত মৃত্যু হয় ঔপন্যাসিকজনৰ। মৃত্যুৰ সময়ত বৰুৱাৰ বয়স আছিল ৫৭ বছৰ।

কৃষি বিজ্ঞানী হিচাপে সকলোৰে মাজত পৰিচিত আছিল বৰুৱা। লোভনীয় চাকৰি এৰি কৃষিকৰ্মত আত্মনিয়োগ কৰিছিল বৰুৱা ক্ষেত্ৰীত ‘কৃষি জিজ্ঞাস’ নামৰ কৃষিপামৰ স্ৰষ্টা।

‘আলহী ঘৰ’ নামৰ ৰেস্তোৰা খুলি তাতেই ব্যস্ত আছিল বৰুৱা। পেট্ৰ’লিয়াম টেকন’লজীত গৱেষণা কৰি ডক্টৰেট পাইছিল তেওঁ। ‘প্ৰান্তিক’ত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল তেওঁৰ উপন্যাস ‘মহা অৰণ্য’।

দীৰ্ঘদিন ধৰি লিভাৰ চিৰচিচ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে মহা অৰণ্যৰ শ্ৰষ্টাজন। ক্ষেত্ৰীৰ ধোপগুৰিস্থিত আলহীঘৰত ধৰ্মীয় পৰম্পৰাৰে তেখেতৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

ডিগবৈত জন্ম গ্ৰহণ কৰা বিশিষ্ট বিজ্ঞানীজনে মৃত্যুৰ সময়ত পত্নীসহ, পুত্ৰ-কন্যা, আত্মীয় স্বজন তথা অজস্ৰ গুণমুগ্ধক এৰি থৈ গৈছে। বিশিষ্ট বিজ্ঞানীজনৰ মৃত্যুত ৰাজ্যজুৰি পৰিছে এতিয়া শোকৰ ছাঁ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.