অসম

ডিগবৈৰ এজন যুৱক; পিঠিত অংকন কৰালে হিমন্ত বিশ্ব শৰ্মাৰ টেটু। কি ক’লে মুখ্য়মন্ত্ৰীয়ে?

ডিগবৈৰ নাজিৰাটিং তামুলী পৰ্যটন উৎসৱত অংশগ্ৰহণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ আগত নিজৰ পিঠিত আঁকি লোৱা টেটু প্ৰদৰ্শন কৰে যুৱকজনে।

দিনক দিনে যুৱক–যুৱতীসকলৰ মাজত বৃদ্ধি পাইছে টেটু কৰাৰ প্ৰৱণতা। হাতত বা দেহৰ বিভিন্ন অংশত বিভিন্ন আকাৰত টেটু কৰা দেখা যায়। কিছুমানে আত্মীয় বা প্ৰিয়জনৰ নাম লিখে যদি কিছুমানে অংকন কৰে আৰাধ্য দেৱতাৰ নাম বা প্ৰতিচ্ছবি। কিন্তু ডিগবৈৰ এজন যুৱকে নিজৰ দেহত অংকন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি। মঙলবাৰে ডিগবৈৰ নাজিৰাটিং তামুলী পৰ্যটন উৎসৱত অংশগ্ৰহণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ আগত নিজৰ পিঠিত আঁকি লোৱা টেটু প্ৰদৰ্শন কৰে যুৱকজনে। যুৱকজনক মুখ্য়মন্ত্ৰীয়ে ক’লে – প্ৰশংসাৰ বাবে ভাষা নাই মোৰ।

যুৱকজনৰ নাম ৰাজেশ সৰকাৰ। ডিগবৈৰ ১নং গোলাইত ঘৰ। মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি থকা অগাধ শ্ৰদ্ধাৰ বাবেই এইদৰে পিঠিত অংকন কৰালে টেটু। যুৱকজনৰ এই ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.