Socialঅসমআঞ্চলিকপ্ৰদূষণ

হোটেল অথবা ৰেষ্টুৰাৰ খাদ্য আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান!

বিশ্বনাথত এখন ৰেষ্টোৰাৰ বিৰিয়ানিত ওলাল শামুক। শামুক প্ৰত্যক্ষ কৰি বলিন বৰুৱাৰ সন্তানে বমী কৰি হঠাৎ অসুস্থ হৈ পৰে...

হোটেল অথবা ৰেষ্টুৰাৰ খাদ্য আপোনাৰ খুব প্ৰিয় নেকি? তেন্তে সাৱধান!

বিশ্বনাথত এখন ৰেষ্টোৰাৰ বিৰিয়ানিত ওলাল শামুক। অস্বাস্হ্যকৰ পৰিবেশৰ মাজত বিশ্বনাথত এখন হোটেলে চলাইছে ব্যৱসায়। হোটেল অথবা ৰেষ্টুৰাৰ খাদ্য আপোনাৰ খুব প্ৰিয় নেকি? যদি প্ৰিয় তেন্তে সাৱধান। কাৰণ ৰাজ্যত এতিয়া বহুহোটেল বা ৰেষ্টুৰাৰ খাদ্য আপোনাৰ বাবে অস্বাস্হ্যকৰ হ’ব পাৰে। অস্বাস্হ্যকৰ পৰিবেশত এনে হোটেলত খাদ্য আপোনাৰ বাবে বৰবিহ হ’ব পাৰে। আজি তেনে এক ঘটনা সংঘটিত হ’ল বিশ্বনাথত।

বিশ্বনাথৰ চহৰত থকা ‘Delhi Ki Mashoor Chiken Biryani নামৰ’ বিৰিয়ানিৰ মাজত শামুক ওলোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। নিশা বিশ্বনাথ চাৰিআলি নিবাসী বলিন বৰুৱা নামৰ লোকজনে চিকেন বিৰিয়ানি ক্ৰয় কৰি ঘৰলৈ নিছিল উক্ত বিৰিয়ানি দোকান খনৰ পৰা। বিৰিয়ানি খিনি ঘৰৰ সন্তানক খুৱাই থাকোতে হঠাৎ শামুকটো চকুত পৰে আৰু লগে লগে পত্নীকো দেখুৱাই বিৰিয়ানীত থকা শামুক। শামুক প্ৰত্যক্ষ কৰি বলিন বৰুৱাৰ সন্তানে বমী কৰি হঠাৎ অসুস্থ হৈ পৰে।

ইফালে বিষয়টো বিয়পি পৰাৰ লগে লগে সংবাদ মাধ্যমৰ কাষ চাপে বলিন বৰুৱা আৰু উপস্থিত হৈ প্ৰত্যক্ষ কৰে এটা শামুক। ইতিমধ্যে বিৰিয়ানিখিনিত সিজি মিহলি গৈ শামুকটোৰ ৰঙো বেলেগ হৈ গৈছে।বলিন বৰুৱাই ইতিমধ্যে সু-স্বাস্থ্য খাদ্য আৰু জিলা প্ৰশাসনক বিষয়টো অৱগত কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.