AssamCity newsInternationalnationalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতভ্ৰমণ

দিল্লী-গোৱা ইণ্ডিগ’ বিমানত অঘটন, পাইলটক প্ৰহাৰ কৰিবলৈ উদ্যত যাত্ৰী… খেদি আহি পাইলটক ঘুচিয়ালে যাত্ৰীয়ে

দিল্লী-গোৱা ইণ্ডিগ’ বিমানত অঘটন

পাইলটক প্ৰহাৰ কৰিবলৈ উদ্যত যাত্ৰী

খেদি আহি পাইলটক ঘুচিয়ালে যাত্ৰীয়ে

বিমান উৰণত বিলম্ব হোৱাৰ বাবে বিৰক্ত যাত্ৰী

কেইবাঘণ্টা ধৰি INDIGO 6E-2175 বিমানত আবদ্ধ যাত্ৰী

কুঁৱলীৰ বাবে বিমান উৰণত বিলম্ব হোৱাৰ ঘোষণা

ৰৈ ৰৈ বিৰক্ত হোৱা এজন যাত্ৰীৰ পাইলটে বিমান উৰণত আৰু অধিক বিলম্ব হ’ব বুলি ঘোষণা কৰোতেই ধৈৰ্য্যচ্যুতি ঘটে। পাইলটজনক মাৰিবলৈ খেদি আহে ছাহিল কাটাৰিয়া নামৰ যাত্ৰীজনে। সহযাত্ৰীয়ে তেওঁক আঁতৰাই নিয়ে যদিও আক্ৰমণৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত তৎপৰ হয় কৰ্তৃপক্ষ। পিছত বিমানকৰ্মীৰ অভিযোগৰ ভিত্তিত ছাহিলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখনীয় যে ভাৰতীয় আইন অনুসৰি বিমানৰ ভিতৰত যাত্ৰী তথা বিমানকৰ্মীৰ জীৱন বিপদাপন্ন কৰিব পৰা কৰ্মকাণ্ডত জড়িত হ’লে জৰিমনাৰ উপৰি আজীৱন কাৰাবাস খাটিবলগীয়া হ’ব পাৰে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button