Social

এইবাৰ গণৰাজ্য দিৱস পেৰেডত থাকিব ৰিক্সা চালক আৰু পাচলি বিক্ৰেতা!

অনুষ্ঠানৰ প্ৰথম শাৰীত নাথাকিব ভিআইপি বা ভিভিআইপি ।

ব্যতিক্ৰম এইবাৰৰ গণৰাজ্য দিৱসৰ অনুষ্ঠান! অনুষ্ঠানৰ প্ৰথম শাৰীত নাথাকিব ভিআইপি বা ভিভিআইপি, থাকিব ৰিক্সা চালক আৰু পাচলি বিক্ৰেতা!
গণৰাজ্য দিৱস পেৰেড ২০২৩-ত এইবাৰ বিশেষ আমন্ত্ৰণ লাভ কৰিছে দেশৰ বহু ৰিক্সা চালক আৰু পাচলি বিক্ৰেতাই। শ্ৰমিকসকলৰ পৰিয়াল, অৰ্থাৎ যিসকলে কেন্দ্ৰীয় ভিষ্টা নিৰ্মাণত সহায় কৰিছেতেওঁলোকে গণৰাজ্য দিৱসৰ অনুষ্ঠানটোৰ মুখ্য মঞ্চৰ সন্মুখত বহিব। এই বছৰৰ গণৰাজ্য্য দিৱসৰ বিষয়বস্তু হৈছে “সাধাৰণ লোকৰ অংশগ্ৰহণ”। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল-চিচি।

যোৱা কেইবছৰমানৰ পৰা কেন্দ্ৰীয় চৰকাৰে চৰকাৰী অনুষ্ঠান আৰু কাৰ্যসূচীত সাধাৰণ মানুহৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ বিষয়টোত আগ্ৰাধিকাৰ দিছে। সেইমৰ্মেই এইবাৰ ৰিক্সা চালক আৰু পাচলি বিক্ৰেতাসকলক গণৰাজ্য দিৱসত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব। ইতিমধ্যে দেশৰ বিশাল অনুষ্ঠান গণৰাজ্য দিৱসৰ পেৰেডত ভাগ লোৱাৰ বাবে ৰিক্সা চালক, নিৰ্মাণ কৰ্মা, অনাময় কৰ্মী আৰু ফ্ৰন্টলাইন কৰ্মীসকলক আমন্ত্ৰণ জনোৱা হৈছে।

এইবাৰ পেৰেডত আসনৰ সংখ্যা পূৰ্বৰ ৪৫,০০০ ৰ পৰা ৩২,০০০ লৈ হ্ৰাস কৰা হৈছে। গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি লালকিল্লাত জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দ্বাৰা বহুতো কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। ভাৰত পৰ্ব নামেৰে জনাজাত হ’ব এই কাৰ্যসূচী। ফ্লাইপাষ্টত ১৮ খন হেলিকপ্টাৰ, ৮ খন বিমান আৰু ২৩ খন যুঁজাৰু বিমান অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি, ইজিপ্তৰ পৰা অহা ১২০ জনীয়া এটা পদযাত্ৰাকাৰী দলেও এই কুচকাৱাজত অংশগ্ৰহণ কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 4 =

Back to top button