অপৰাধভাৰত

শুই থকা অৱস্থাতেই দুজনক জীৱন্তে অগ্নিদগ্ধ কৰিলে মাতৃ-কন্যাই! কাৰণ শুনিলে চকু কপালত উঠিব আপুনাৰো

কৰ্ণপূৰ গাঁৱত মাতৃ-কন্যাই দুগৰাকীয়ে মিলি এটা ঘৰত জুই লগাই দিয়ে, ঘৰতোৰ ভিতৰত থকা তেওঁলোকৰ সম্পৰ্কীয় দুজন লোক সেই জুইত জীৱন্তে অগ্নিদগ্ধ হয়!

দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। তেনে সময়তে বিহাৰৰ পাটনাত সংঘটিত হোৱা এক আচৰিত ঘটনাই চকু কপালত উঠিব আপুনাৰো।

নিশা শুই থকা অৱস্থাতেই দুজনক জুই লগাই দিলে মাতৃ-কন্যাই।

অভিযোগ অনুসৰি, বৃহস্পতিবাৰে কৰ্ণপূৰ গাঁৱত মাতৃ-কন্যাই দুগৰাকীয়ে মিলি এটা ঘৰত জুই লগাই দিয়ে। ঘৰতোৰ ভিতৰত থকা তেওঁলোকৰ সম্পৰ্কীয় দুজন লোক সেই জুইত জীৱন্তে অগ্নিদগ্ধ হয়। ইয়াৰ পিছতে দুই মহিলাক আটক কৰে স্থানীয় ৰাইজে।

আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত দুজনৰ নাম শান্তি দেৱী আৰু তেওঁৰ পুত্ৰ অমৰেন্দ্ৰ কুমাৰ। লগতে অভিযু্ক্তৰ নাম, মাধুৰী দেৱী আৰু তেওঁৰ কন্যা বুলি জানিব পৰা গৈছে।
কিছুদিন পূৰ্বে শান্তি দেৱীয়ে মাটি বিক্ৰী কৰি পোৱা ৫ লাখ টকাৰ বাবে সংঘটিত হয় এই অপৰাধ। টকাখিনিৰ বাবে অভিযুক্ত মাধুৰী দেৱীয়ে নিজৰ কন্যাৰ লগত লগ হৈ দুই পিড়ীত শুই থকা অৱস্থাত বাহিৰৰ পৰা তলা লগাই ঘৰত অগ্নি সংযোগ কৰে আৰু ঘটনীক সম্পুৰ্ণ দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰে।

ওচৰ চুবুৰীয়াই সহায়ৰ চেষ্টা কৰে যদিও মৃত্যু হয় তেওঁলোকৰ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.