আন্তঃৰাষ্ট্ৰীয়খেলভাৰত

Tokyo Olympics 2020: ১২১ বছৰৰ অন্তত স্বৰ্ণ জয়ৰে টকিঅ’ত উজলিল ভাৰত

টকিঅ' অলিম্পিকত জেভলিন থ্ৰ'ত নীৰজ চোপ্ৰাই পালে স্বৰ্ণ

টকিঅ’ত উজ্বলিছে ভাৰত। ভাৰতলৈ আহিছে এটাৰ পাছত আন এটা পদক। জেভলিন থ্ৰ’ত গৌৰৱ কঢ়িয়াই আনিলে খেলুৱৈ নীৰজ চোপ্ৰাই।  ১২১ বছৰৰ অন্তত ভাৰতলৈ জেভলিন থ্ৰ’ত আহিল স্বৰ্ণ।

প্ৰথম ৰাউণ্ডত ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে ৮৭.০৩ মিটাৰলৈ জেভলিন দলিয়াবলৈ সক্ষম হয়। দ্বিতীয় ৰাউণ্ডত ৮৭.৫৮ মিটাৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিলে প্ৰতিদ্বন্দ্বী খেলুৱৈক।  তৃতীয় ৰাউণ্ডত ৭৬.৭৯ৰে ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই। ষষ্ঠ ৰাউণ্ডত নীৰজ চোপ্ৰাই ৮৪.২৪ মিটাৰলৈ জেভলিন দলিয়াবলৈ সক্ষম হয়।

উল্লেখ্য যে, ‘ট্ৰেক এণ্ড ফিল্ড’ত ১২১ বছৰৰ পিছত জেভলিন থ্ৰ’ত ভাৰতৰ শীৰত স্বৰ্ণ তিলক। নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়ৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ভাৰতবাসী।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.