Socialঅভিনয়জীৱনশৈলীধৰ্মীয়বলিউডবোলছবিভাৰত

দেশজুৰি চৰ্চাত ‘দা কাশ্মীৰ ফাইলছ’ মুক্তি লাভৰ পাছতেই বিতৰ্কত বোলছবিখন…

২০২২ৰ ১১মাৰ্চত 'দা কাশ্মীৰ ফাইলছ' নামৰ বোলছবি খন মুক্তি লাভ কৰা পাছতেই সমগ্ৰ দেশৰে চৰ্চাৰ বিষয় হৈ পৰিছে

‘দা কাশ্মীৰ ফাইলছ’

২০২২ৰ ১১মাৰ্চত ‘দা কাশ্মীৰ ফাইলছ’ নামৰ বোলছবি খন মুক্তি লাভ কৰা পাছতেই সমগ্ৰ দেশৰে চৰ্চাৰ বিষয় হৈ পৰিছে।
জনপ্ৰিয় পৰিচালক বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত বোলছবিখনে বহুতৰে মাজত সমাদৰ লাভ কৰাৰ লগতে বৰ্তমান বহু বিতৰ্কতো সোমাই পৰিছে।

ছবিখনত প্ৰকাশিত কাহিনী অনুসৰি, ভাৰতৰ বাবে দুৰ্ভাগ্যৰ বিষয় যে, ১৯৯০ চনত কাশ্মীৰত থকা কাশ্মীৰী পণ্ডিত সকলৰ ওপৰত যি শোষণক আৰু অত্যাচাৰ চলিছিল সেই শোষণক সম্প্ৰদায়িক শোষণ বুলি গ্ৰহণ কৰা নহ’ল, ইয়াৰ উপৰিও সেই সময়ৰ পিড়ীত লোক সকলৰ প্ৰতি কৰা অন্যায়ৰ বাবে সহানুভূতি দুৰৰে কথা নুন্যতম সাহায্যৰ পৰাও বঞ্চিত হ’ল লোকসকল। কাশ্মীৰত থকা হিন্দু পণ্ডিতৰ লগতে সেই সময়ত তাত থকা শিখ, বৌদ্ধ আৰু অন্যান্য ধৰ্মালম্বী লোকৰ ওপৰতো সন্ত্ৰাসবাদীৰ শোষণ চলিছিল।

বোলছবি খনে এতিয়া ছবি জগতত খলকনিৰ সৃষ্টি কৰিছে। বহু অভিনেতা, পৰিচালকে এই ছবি খনক কেৱল বোলছবি নহয়, সেই সমৰ সত্যতা বুলিও অবিহিত কৰিছে।

উল্লেখ্য যে, এই বোলছবিখন কোনো এটা ‘Talk show’য়ে প্ৰচাৰৰ বাবে আগুৱাই অহা নাছিল। কাৰণ বোলছবিখনে সেই সময়ৰ চৰকাৰ তথা প্ৰশাসনৰ গাফিলতি স্পষ্ট ভাৱে উদঙাই দিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button