Educationঅসম

কটন বিশ্ববিদ্যালয়ত নতুন শিক্ষা নীতি সন্দৰ্ভত আলোচনা

“National Council for Teachers’ Education” চমুকৈ এনচিটিয়ে কটন বিশ্ববিদ্যালয়ৰ সহযোগত এক মুকলি আলোচনা অনুষ্ঠিত কৰে

“National Council for Teachers’ Education” চমুকৈ এনচিটিয়ে কটন বিশ্ববিদ্যালয়ৰ সহযোগত শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ ছুদমাৰ্ছন হলত দিনজোৰা কাৰ্যসূচীৰে নতুন শিক্ষা নীতি সন্দৰ্ভত এক মুকলি আলোচনা অনুষ্ঠিত কৰে।

শিক্ষাৰ ক্ষেত্ৰত ভাৰতক এক ছুপাৰ পাৱাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ নতুন শিক্ষা নীতিয়ে লক্ষ্য নিৰ্ধাৰণ কৰিছে। আজিৰ এই আলোচনা চক্ৰত নতুন শিক্ষা নীতিত সন্নিবিষ্ট শিক্ষকৰ বাবে ৰাষ্ট্ৰীয় মানদণ্ড (NPST) আৰু ৰাষ্ট্ৰীয় মেণ্টৰশ্বিপ মিছন (NMM)ৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয়।

cu

কটন বিশ্ববিদ্যালয়ৰ অধ্যপিকা ড০ সংগীতা বৰঠাকুৰে বন্তি প্ৰজ্বলন আৰু উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ পৰিচয় দাঙি ধৰি আলোচনাৰ পাতনি মেলে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে আদৰণী ভাষণ প্ৰদান কৰে।
এনচিটিইৰ সদস্য সচিব কেচাং ৱাই শ্বেৰ্পা, এনচিটিইৰ ইআৰচিৰ অধ্যক্ষা নীলিমা ভাগৱতী আৰু শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে অনুষ্ঠানত ভাষণ প্ৰদান কৰে।

cu vc

প্ৰখ্যাত কগনিটিভ বিজ্ঞানী ঋষভ খান্নাই NPSTৰ ওপৰত প্ৰথমটো আলোচনাৰ আঁত ধৰে। ইয়াৰ পাছতে খুছবু অৱস্তিয়ে NMM) সন্দৰ্ভত দ্বিতীয়খন আলোচনা চক্ৰৰ আঁত ধৰে।

CU

এই আলোচনাত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে পোষকতা কৰা বহুমুখী শিক্ষা, দক্ষতা তথা আন আন বিভিন্ন নতুন দিশ সন্দৰ্ভত আলোকপাত কৰা হয়।

অধ্যাপক উৎপল শৰ্মা, ঘনশ্যাম মেধি, ড০ মেকে মহন্ত, প্ৰভা দস্তিদাৰ, মৌচুমী মহন্ত, ড০ তৰালি পাঠক, অধ্যাপক বিভাষ চৌধুৰী, ড০ তুলিকা দে’, ড০ নিৰদা দেৱীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে।

CU guest

ড০ মুক্তিকাম হাজৰিকাৰ শলাগৰ শৰাইৰে অনুষ্ঠানৰ অন্ত পৰে। এনচিটিই আৰু কটন বিশ্ববিদ্যালয়ৰ এই প্ৰচেষ্টাক উপস্থিত লোকসকলে প্ৰশংসা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × two =

Back to top button