অপৰাধঅসমঅসম আৰক্ষী

“শৰীৰৰ গোপন অংশত আঘাত কৰাৰ বাবে মৃত্যু হয় অনিমেষৰ”- মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

দুজন ট্ৰেফিক আৰক্ষীয়ে অনিমেষক ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল বুলিও কয় মুখ্যমন্ত্ৰীয়ে

যোৰহাট কাণ্ডক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া।

অনিমেষ ভূঞালৈ ৰাজ্য চৰকাৰে সমবেদনা জ্ঞাপন কৰিছে। লগতে অনিমেষ ভুঞাৰ শোকসন্তপ্ত পৰিয়াললৈ ৫ লাখ টকাৰ সাহাৰ্যও প্ৰদান কৰে ৰাজ্য চৰকাৰে।

নিজৰ মানুহেই নিজৰ মানুহক এনে কৰা কাৰ্যক অতিকৈ গৰিহণাৰ যোগ্য বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

ইতিমধ্যে ১৩ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অহা ১ মাহৰ ভিতৰত বিশেষ ফাষ্টট্ৰেক আদালতত দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ কথাও ঘোষনা কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, অনিমেষ ভূঞাৰ মৰণোত্তৰ পৰীক্ষা কৰোৱা হৈছে। যদিও এতিয়ালৈকে ৰিপোৰট অহা নাই কিন্তু প্ৰাথমিক তদন্ত অনুসৰি জানিবলৈ পোৱা মতে, শৰীৰৰ গোপন অংশত আঘাত কৰাৰ বাবে মৃত্যু হয় অনিমেষৰ।

দুজন ট্ৰেফিক আৰক্ষীয়ে অনিমেষক ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.