অপৰাধঅসমঅসম আৰক্ষী

”মই আজিলৈ এচাট পিটি নাপালো সেই ল’ৰাই আজি মাৰ খাই মাৰ খাই প্ৰাণ হেৰুৱালে, সংসাৰৰ পৰা বিদায় ল’লে”- অনিমেষৰ মাতৃ

ৰাজপথত পৰি থকা আদহীয়া ব্যক্তি এজনক সহায় কৰিবলৈ যোৱায়েই কাল হ’ল তিনি যুৱকৰ

ৰাজপথত পৰি থকা আদহীয়া ব্যক্তি এজনক সহায় কৰিবলৈ যোৱায়েই কাল হ’ল তিনি যুৱকৰ।

নগাঁৱৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত ২৯ নৱেম্বৰত সংঘটিত হোৱা বৰ্বৰ ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য। কাৰোবাক এনেদৰে নৃশংসভাৱে হত্যা কৰাটো কোনো সভ্য সমাজৰে কাম্য হ’ব নোৱাৰে।

তিনিজন যুবকৰৰ ওপৰত জপিয়াই পৰিল অৰ্ধশতাধিক যুৱকে। এই গনপ্ৰহাৰত মৃত্যু হয় অনিমেশ ভূঞা নামৰ যুৱকজনৰ। অভিযোগ অনুসৰি এই ঘটনাৰ মূল অভিযুক্ত এজন ড্ৰাগছ সৰবৰাহকৰী বুলি জানিব পৰা গৈছে।

এনে অমানবীয় কাণ্ডত মৃত্যু হোৱা অনিমেষ ভূঞাৰ মাতৃৰ হিয়াভগা কান্দোনে সমগ্ৰ ৰাজ্যতে শোকৰ বন্যা বোৱাইছে।

”মই আজিলৈ এচাট পিটি নাপালো সেই ল’ৰাই আজি মাৰ খাই মাৰ খাই প্ৰাণ হেৰুৱালে।সংসাৰৰ পৰা বিদায় ল’লে”- এই ভাষ্য অনিমেষৰ মাতৃৰ।

উল্লেখ্য যে, এই ঘটনাৰ পিছতেই একাংশই লোকে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইতিমধ্যে কেইবাজনো অভিযুক্তসব মূল অভিযুক্ত পৰিছে আৰক্ষীৰ জালত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.