Social Networkঅভিনয়আন্তঃৰাষ্ট্ৰীয়ফটোমনোৰঞ্জন

পুনৰ নিষিদ্ধ হ’ল TikTok!

চতুৰ্থ বাৰৰ বাবে পাকিস্তানত নিষিদ্ধ কৰা হ'ল এই এপ

মনোৰঞ্জনৰ বাবে বিশ্বজুৰি ব্যৱহাৰ কৰা এটা মোবাইল এপ হ’ল TikTok। চীনত নিৰ্মিত এই এপটোৱে কম সময়ৰ ভিতৰতে বিশ্বজুৰি লাভ কৰিলে প্ৰচুৰ আদৰ। যুৱ প্ৰজন্মৰ লগতে বয়সীয়া লোকসকলেও এই TikTokৰ জৰিয়তে বুটলিলে অনুৰাগীৰ সমাদৰ।

শেহতীয়াকৈ ভাৰতত নিষিদ্ধ কৰা হ’ল এই চীনা এপটো। ভাৰতৰ পাছতে চতুৰ্থ বাৰৰ বাবে পাকিস্তানত নিষিদ্ধ কৰা হ’ল এই এপ। সকলোৰে মাজত জনপ্ৰিয় এই এপত ব্যৱহাৰ কৰা অসংযত ভিডিঅ’ আৰু অশ্লীলতাৰ বাবে চুবুৰীয়া দেশ পাকিস্তানত বন্ধ কৰা হ’ল TikTok। বুধবাৰে পাকিস্তানী টেলিকমিউনিকেচন অথৰিটিয়ে এই এপৰ বন্ধ কৰাৰ বাবে জাননী প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ২০২০ চনৰ অক্টোবৰত প্ৰথমবাৰৰ বাবে পাকিস্তানত বন্ধ কৰা হৈছিল TikTok। পেছৱাৰৰ উচ্চ ন্যায়ালয়ে TikTokৰ বিৰুদ্ধে ইতিমধ্যে জাৰি কৰিছে অধিসূচনা। তাৰ পৰৱৰ্তী সময়ত চলিত বৰ্ষৰ জুলাই মাহত সিন্ধ উচ্চ ন্যায়ালয়ে টেলিকমিউনিকেচন অথৰিটীক TikTok বন্ধ কৰিবৰ বাবে দিয়ে জাননী।

পাকিস্তানত বহুলভাৱে জনপ্ৰিয় চীনত নিৰ্মিত মনোৰঞ্জনধৰ্মী TikTok। জনপ্ৰিয়তাৰ সমান্তৰালকৈ পাকিস্তানৰ অধিকাংশ লোকেই বেয়া পায় এই এপ। পাকিস্তানত এতিয়া পৰ্যন্ত ৩৯ মিলিয়ন বাৰৰ বাবে ডাউনলোড কৰা হৈছে TikTok।
চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত TikTokএ নিজৰ প্লেটফৰ্মৰ পৰা ৬,৪৯৫,৯৯২টা ভিডিঅ’ আঁতৰাই দিছে। আনকি পাকিস্তানত নিৰ্মাণ কৰা অশ্লীল আৰু অসংযত ভিডিঅ’ও প্লেটফৰ্মৰ পৰা আঁতৰাইছে TikTokএ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − two =

Check Also
Close
Back to top button