অসমউৎসৱ

ভোগালীৰ ভোগ! চিতল মাছৰ কলঠিৰে এসাঁজ খাব মুখ্যমন্ত্ৰীয়ে

চিতল মাছ উপহাৰ হিচাপে পাই আনন্দিত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী।

আহি পালে ভোগৰ উৎসৱ ভোগালী। ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন। বছৰেকৰ ফচল ভঁৰালত গোটাই খাৰখোৱা অসমীয়াই চলাইছে ভোগালী বিহুৰ প্ৰস্তুতি। পিঠা-পনা, চিৰা-এঠা দৈৰে ভৰিছে আখল। ভোগালী বিহুৰ বাবে ৰাজ্যবাসীয়ে উলহ-মালহেৰে প্ৰস্তুতি চলোৱাৰ সময়তে মুখ্যমন্ত্ৰীৰ ঘৰতো চলিছে উৰুকাৰ প্ৰস্তুতি।

উৰুকাৰ প্ৰাকক্ষণত চিতল মাছ উপহাৰ হিচাপে পালে মুখ্যমন্ত্ৰীয়ে। বৃহত্তৰ উজানবজাৰ মৎস্য ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক উপহাৰ হিচাপে দিয়া হ’ল এটা ১০ কেজি ওজনৰ চিতল মাছ।

ভোগালীৰ ভোগ! চিতল মাছৰ কলঠিৰে এসাঁজ খাব মুখ্যমন্ত্ৰীয়ে

চিতল মাছ উপহাৰ হিচাপে পাই আনন্দিত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী।

ভোগালীৰ ভোগ! চিতল মাছৰ কলঠিৰে এসাঁজ খাব মুখ্যমন্ত্ৰীয়ে

তেখেতে লিখে যে, ‘উৰুকাৰ প্ৰাকক্ষণত বৃহত্তৰ উজানবজাৰ নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা ১০ কিল’গ্ৰাম ওজনৰ চিতল মাছ উপহাৰ হিচাপে লাভ কৰি নথৈ আনন্দিত আৰু আপ্লুত হৈছোঁ। আমাৰ জাতিটোৰ গতিশীল সাংস্কৃতিক সত্তা আৰু জীৱনবোধৰ সবল অভিব্যক্তি হৈছে মাঘ বিহু। আশাকৰোঁ অসমীয়াৰ বাপতি সাহোন এই বিহুৱে সকলোৰে জীৱন ভোগেৰে ওপচাই তুলিব’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 6 =

Back to top button