অসমআঞ্চলিকদৈনিক বাতৰি

“মুখ্যমন্ত্ৰী ৰাজনৈতিক নেতাহে, অসমৰ অভিভাৱক নহয়”- অখিল গগৈ

ভোগালীৰ সময়ত বাধা নিষেধ প্ৰত্যাহাৰৰ দাবী অখিল গগৈৰ

চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ অখিল গগৈ। এইকবাৰ ভোগালী বিহুত বাধা নিষেধক লৈ সৰৱ অখিল গগৈ।

মঙলবাৰে দুটাকৈ পুৰণি গোচৰৰ শুনানিৰ বাবে আজি সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হোৱাৰ সময়ত সংবাদমাধ্যমৰ আগত অখিল গগৈয়ে কয়, ‘‘মুখ্যমন্ত্ৰী ৰাজনৈতিক নেতাহে, অসমৰ অভিভাৱক নহয়। ৩১ ডিচেম্বৰত যদি নিশা বাধা–নিষেধ প্ৰত্যাহাৰ কৰিব পাৰে তেন্তে চৰকাৰে ভোগালীতো কৰক।’’

শিৱসাগৰৰ বিধায়কগৰাকীয়ে লগতে কয়, অসম চৰকাৰে বিহুৰ ওপৰত দিয়া বাধা–নিষেধ অনতি পলমে আঁতৰাই কৰিব লাগে। ভোগালী বিহুত ১০ বজালৈ মানুহ বাহিৰত থাকিব পাৰিব বুলি কোৱা কথাটো কেতিয়াও সম্ভৱপৰ নহয়। মাঘবিহুৰ নিশাটো খুব গুৰুত্বপূৰ্ণ। আৰু পুৱা ৬ বজাৰ পিছতহে মানুহ ওলাব পাৰিব বুলি কোৱা কথাটোও মানিবলগীয়া বিষয় নহয়। কাৰণ সকলো অসমীয়াই সূৰ্যৰ উদয়ৰ পূৰ্বে মেজি জ্বলাওঁ। গতিকে মেজি জ্বলোৱাৰ যি পৰম্পৰা, সেই পৰম্পৰা ধ্বংস কৰিবৰ কাৰণে কাৰো অধিকাৰ নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.