Covid-19

এজাৰ ফুলিলেই বেজাৰ লাগে মাজুলীবাসীৰ

এজাৰ ফুলিলেই বেজাৰ লাগে মাজুলীবাসীৰ।

সমাগত বাৰিষা। বাৰিষা আহিলেই পানী বাঢ়ে। ফলত চিন্তিত হৈ পৰে নদীপৰীয়া বাসী।

ভৰ বাৰিষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। সেয়ে বানৰ সৈতে মোকাবিলা কৰিবলৈ মাজুলীবাসীৰ একমাত্ৰ তথা অন্যতম সাৰথি হাত নাও সমূহ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে মাজুলীবাসী। কিয়নো বাৰিষা আহিলেই মাজুলীবাসীৰ বানৰ সৈতে আৰম্ভ হয় সংগ্ৰাম।

প্ৰায় ছয় মাহ ধৰি এক নাজল নাথল অৱস্থাৰ সৈতে সহবাস কৰিব লগা হয় মাজুলীৰ নদীপৰীয়া গাঁওসমুহৰ বাসিন্দাসকল। ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁতে নিমিষতে উটুৱাই নিয়ে নদীপৰীয়াৰ ঘৰ-দুৱাৰ জীৱন-সম্পদ।

এনে সময়ত মাজুলীত প্ৰত্যেক ঘৰত প্ৰয়োজন হয় এখন নাৱৰ৷ পশুধনলৈ ঘাহঁ কটা, সমগ্ৰী আমদানি-ৰপ্তানি আদিত অতি প্ৰয়োজন এই নাওখনৰ। বাৰিষা দিন কেইটাত নাঁও নহলে মাজুলীৰ চহা জীৱন হৈ পৰে প্ৰায় স্থবিৰ।

বানত বুৰ যোৱা ঘৰখনৰ পৰা মূল্যৱান সামগ্ৰী সুৰক্ষিত স্থানলৈ নিয়া,  চিকিৎসালয়লৈ ৰোগী নিয়া, ঘৰৰ বাবে বজাৰ সমাৰ কৰা, ছাত্ৰ-ছাত্ৰীক পঢ়াশালীলৈ অনা নিয়া কৰা আদি কাৰ্যৰ বাবে মাজুলীবাসীয়ে নিৰ্ভৰ কৰিবলগীয়া হয় হাত নাওৰ ওপৰত।

সেয়ে এই সময়ছোৱাত মাজুলীৰ নৌকা শিল্পীসকলৰ সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.