AssamCity newsঅসমউৎসৱগুৱাহাটীদৈনিক বাতৰিভাৰতমনোৰঞ্জনশিল্পীসংগীতসংস্কৃতি

আজিৰে পৰা ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ ২০২৪….

এইবাৰৰ মহোৎসৱত স্বৰ্গদেউ চাওলুং চুকাফাৰ বৃহৎ শাসন ব্যবস্থাৰ প্ৰতীকী উপস্থাপন কৰা হৈছে । লগতে টাই-আহোম জনগোষ্ঠীৰ লোক সংস্কৃতি, বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী তথা থলুৱা খেল-ধেমালিৰ প্ৰতিযোগিতা মহোৎসৱৰ হ’ব বিশেষ আকৰ্ষণ।

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ প্ৰাকক্ষণত ঐতিহাসিক চৰাইদেউ মৈদামত আজিৰে পৰা আৰম্ভ হৈছে বহু প্ৰত্যাশিত চৰাইদেউ মহোৎসৱ ২০২৪। এই মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। এইবাৰৰ মহোৎসৱত স্বৰ্গদেউ চাওলুং চুকাফাৰ বৃহৎ শাসন ব্যবস্থাৰ প্ৰতীকী উপস্থাপন কৰা হৈছে । লগতে টাই-আহোম জনগোষ্ঠীৰ লোক সংস্কৃতি, বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী তথা থলুৱা খেল-ধেমালিৰ প্ৰতিযোগিতা মহোৎসৱৰ হ’ব বিশেষ আকৰ্ষণ। বিভিন্ন কাৰ্যসূচীৰ উপৰি বাণিজ্য মেলা, গ্ৰন্থ মেলা, কৃষি মেলা,জনগোষ্ঠীয় খাদ্য মেলাৰো আয়োজন কৰা হৈছে চৰাইদেউ মহোৎসৱত।

তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই মহোৎসৱত আজি প্ৰথম দিনা পুৱা মহোৎসৱৰ মূল তোৰণ উন্মোচন কৰে চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে। ইয়াৰ পিছতে উদযাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধমেশ্বৰ কোঁৱৰে অনুষ্ঠানৰ মূল পতাকা উত্তোলন কৰে। স্বৰ্গদেউ সকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে ঐতিহাসিক বান-ফি পূজা আৰম্ভ কৰা হয়। আজিৰ দিনটোতে গ্ৰন্থমেলা, বিপনী সমূহৰ লগতে পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ শুভ উদ্বোধন কৰে।

মূলতঃ এইবাৰৰ মহোৎসৱৰ কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি বিভিন্ন অনুষ্ঠান উদযাপন কৰাৰ লগতে বিশিষ্ট অভিনেতা-অভিনেত্ৰী সকলৰ সমাহাৰ ঘটিব। লগতে বিভিন্ন সাংস্কৃতিক কলা-কৌশলি সকলৰ সংগীতৰ অনুষ্ঠান আয়োজন কৰিবলৈ লোৱা হৈছে। এই মহোৎসৱৰ অন্তিম দিনাৰ কাৰ্যসূচীত মূখ্য অতিথী হিচাপে উপস্থিত থাকিব মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । এই সভাত বহু গণ্য মাণ্য ব্যক্তিৰ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মন্ত্ৰী সকল উপস্থিত থাকিব।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Check Also
Close
Back to top button